Monday , August 26 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ইছুজু মটৰ ইণ্ডিয়াৰ গুৱাহাটীত এটা নতুন ৩ এছ

ইছুজু মটৰ ইণ্ডিয়াৰ গুৱাহাটীত এটা নতুন ৩ এছ

 

ষ্টাফ ৰিপোৰ্টাৰ,,, ৯ আগষ্ট।।। ইছুজু মটৰ ইণ্ডিয়াই গুৱাহাটীত এটা নতুন ৩ এছ (ছেলচ, ছাৰ্ভিচ আৰু স্পেয়াৰছ) সুবিধাযুক্ত ডীলাৰশ্বীপ’ নৰ্থ ইষ্ট ইছুজু) স্থাপনৰ দ্বাৰা উত্তৰ-পূবৰ মাৰ্কেটত প্ৰৱেশ কৰিলে। সম্পূৰ্ণ নিৰ্ভৰযোগ্য আৰু দক্ষতাসম্পন্ন উপযোগী পৰিসৰৰ বাহনসমূহৰ ৰেঞ্জৰ এছ কেব আৰু ৰেগুলাৰ কেব গুৱাহাটীৰ আই অ’ চি এল পেট্ৰল পাম্পৰ ওচৰত বালঘাটত শুকুৰবাৰে মুকলি আৰু লগতে এই নতুন আউটলেটখনৰ পৰা বিক্ৰীৰ আৰম্ভণি কৰিলে ইছুজুয়ে। ইছুজু গ্ল’বেল ডীলাৰশ্বীপ ষ্টেণ্ডাৰ্ড, ব্ৰেণ্ড আৰু ইয়াৰ সামগ্ৰীসমূহৰ অনন্য লাইফষ্টাইল আৰু দক্ষ বৈশিষ্ট্যসমূহ অনুযায়ী ডিজাইন কৰা শ্বৰূমৰ সৈতে ১২,০০০ বর্গফুট ব্যাপি থকা এলেকাত এই আউটলেটখন থাকিব আৰু তাৰ লগতে ৫ টা ছাৰ্ভিচ- সংলগ্ন কক্ষ, উৎসৰ্গীত পেইণ্ট বুথ, আধুনিক যন্ত্ৰ-পাতি আৰু ইছুজু প্ৰশিক্ষণ প্ৰাপ্ত ছাৰ্ভিচ টেকনিচিয়ানৰে সজ্জিত ৱৰ্কশ্বপটোৱে গ্ৰাহকক বাহনসমূহৰ বাবে উচ্চস্তৰীয় সেৱা আগবঢ়াব। আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ইছুজু মটৰ্চ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক কেন টাকাশ্বিমাই কয়”-উত্তৰ পূৱৰ মাৰ্কেটত ইছুজু ব্ৰেণ্ড আগবঢ়াব পাই আমি অতি আনন্দ অনুভৱ কৰিছোঁ। এই নতুন আউটলেটখনে কেৱল স্থানীয় মাৰ্কেট খনৰ প্ৰয়োজনীয়তা পূৰ কৰাই নহয়,এইখনে পাৰ্শ্ববর্তী জিলাসমূহ আৰু ওচৰৰ ৰাজ্যসমূহৰ প্ৰয়োজনীয়তাও পূৰণ কৰিব। উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে ইছুজুয়ে ভালেসংখ্যক গ্ৰাহক আহৰণ কৰিবলৈ সক্ষম হৈছে। মই আশা কৰিছোঁ যে এই নতুন ডীলাৰ পাৰ্টনাৰ নৰ্থ ইষ্ট ইছুজুয়ে আমাৰ সৈতে এক উত্তৰ পৰিক্ৰমাৰ সাক্ষী হ’ব”। আনহাতে, এই সন্দৰ্ভত নৰ্থ ইষ্ট ইছুজুৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ-এ কয়”-উত্তৰ পূৰ্বাঞ্চলত ইছুজু বাহনসমূহৰ বৰ্ধিত চাহিদাৰ লক্ষ্য ৰাখি ডি-মেক্স পৰিসৰৰ পাৰ্চনেল আৰু কমাৰচিয়েল পিক-আপ সমূহ আৰু এমইউ- এক্স এছ ইউ ভি বাহনসমূহ গ্ৰাহকলৈ আগবঢ়াবলৈ ইছুজুৰ সৈতে অংশীদাৰ হ’বলৈ পাই আমি সুখী”। উল্লেখযোগ্য যে,” ইছুজু ডি মেক্স ভি-ক্ৰছ” হৈছে লাইভ ষ্টাইল আৰু এডভেন্সাৰ উপযোগী বাহনৰ ক্ষেত্ৰত ভাৰতৰ পছন্দ। ইয়াত থকা ১৮ ইঞ্চি ডাইমণ্ড কাট এলয় হুইল, বাই-লেড হেডলেম্প সমূহ আৰু বহুতো নতুনকৈ সংযোজিত কৰা বৈশিষ্ট্যই বাহনখনৰ বৰ্হিভাগক আৰু ডেশ্ববৰ্ডত পিয়ান’ নিউ ৩ ডি ইলেকট্ৰ’লুমিনেশ্বেণ্ট মিটাৰ আদিয়ে ভিতৰভাগৰ ডিজাইনক প্ৰকৃতাৰ্থত অভিলাসী কৰি তুলিব। আনহাতে, “ইছুজু এমইড- এক্স, প্ৰিমীয়াম” ৭ ছিটযুক্ত ফুল চাইজৰ এছ ইউ ভিখন-অল মাশ্বল আৰু অল হাৰ্ট এই দুয়োখন পৃথিৱীৰ উত্তম সমূহৰ সৈতে ডিজাইন কৰা হৈছে। তদুপৰি “ইছুজু ডি- মেক্স ৰেগুলাৰ” কেবখন হৈছে এটা চিংগল কেবিনযুক্ত পিক-আপ, দৃঢ়, শক্তিশালী নিৰ্ভৰযোগ্য ৱৰ্কহৰৰ্চ যিখনক ইয়াৰ দক্ষতা আৰু জীৱনজোৰা স্থায়িত্বৰ বাবে জনা যায়। ৰেগুলাৰ কেবখন ফ্লেট ডেক আৰু কেব-চেছিছ দুয়োটা প্ৰকাৰতে উপলব্ধ। এই ৰেগুলাৰ কেবখন ৩০ ছেপ্টেম্বৰলৈ কোনোধৰণৰ অতিৰিক্ত দাম নোলোৱাকৈ ডি-চাৰ্ভ পেকেজ কোম্পানীয়ে আগবঢ়াইছে। আনহাতে, “ইছুজু ডি-মেক্স এছ” কেবখন
হৈছে ৫ ছীটযুক্ত পিক-আপ যিয়ে স্পেচ পাৰ্ফমেন্স আৰু ষ্ট্রেংথৰ স্মাৰ্ট অনুপাতৰ অসাধাৰণ সংমিশ্ৰণ প্ৰদান কৰে। এই কেবখন হাই-ৰাইড ভেৰিয়েন্টত উপলব্ধ। আজিৰ অনুষ্ঠানত ইছুজু মটৰ ইণ্ডিয়াৰ ব্যৱস্থাপনা কার্যবাহী আৰু ডীলাৰ সকল উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

সৈন্য বাহিনীৰ কৰ্মচাৰীসকলৰ আতিথ্য সেৱাক অনন্য অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৪ আগষ্ট।।। আপকাৰ্ড বিজিনেছ প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড তথা সৈন্য অৰ্ধ সামৰিক বাহিনীৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *