Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন প্ৰতিষ্ঠানৰ ‘ফেশ্বনিষ্টা ফেষ্ট’ শীৰ্ষক ফেশ্বন শ্ব’ সম্পন্ন

ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন প্ৰতিষ্ঠানৰ ‘ফেশ্বনিষ্টা ফেষ্ট’ শীৰ্ষক ফেশ্বন শ্ব’ সম্পন্ন

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,১৬ জুন।।। গুৱাহাটীৰ খানাপাৰাস্থিত হোটেল পেলেচিঅ’ত শনিবাৰে অনুষ্ঠিত যায় ইণ্টাৰনেচনেল ইনষ্টিটিউট অব ফেশ্বন ডিজাইন(আই এন অফ ডি) নামৰ ফেশ্বন ডিজাইনিং প্ৰতিষ্ঠানৰ এক বৰ্ণাঢ্য কাৰ্যসুচী ‘ফেশ্বনিষ্টা ফেষ্ট শীৰ্ষক ফেশ্বন শ্ব’। ফেশ্বন জগতৰ সৈতে জড়িত হ’ব খোজা উঠি অহা প্ৰজন্মক আগুৱাই নিয়াৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমৰ পৰম্পৰাগত মেখেলা- চাদৰৰ লগতে পাৰ্টি, বিয়া, ডিস্ক, আদি বিভিন্ন পশ্চিমীয়া সাজপাৰ পৰিধান কৰি এই ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিয়ে মডেলসকলে। আনহাতে, এই ফেশ্বন শ্ব’ৰ ৰেম্পত শ্ব’ ষ্টপাৰ হিচাপে খোজ দিয়ে অন্তৰীক্ষ চহৰীয়া আৰু আলিচমিতাই। এই ফেশ্বন শ্ব’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্রিয় ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গ আৰু লগতে, অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰয়াত অভিনেতা বিজু ফুকনৰ পত্নী ৰাজশ্ৰী ফুকন, অসমৰ চলচ্চিত্ৰ জগতৰ লেখক পল্লৱ পৱন, ফেশ্বন ডিজাইনাৰ পায়েল চাদ্দা, আৰু অসমৰ জনপ্রিয় অভিনেতা তথা ফেশ্বন কৰিঅ’ গ্ৰাফাৰ বিকি। আনহাতে, জুৰী পেনেলত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন ডিজাইনাৰ তথা বাটন মাচালা খ্যাত অনুজ শৰ্মা, ফেশ্বন ডিজাইনাৰ ধীৰাজ ডেকা, প্ৰশান্ত ঘোষ আৰু মেঘনা ৰায় মেধি। উল্লেখযোগ্য যে, এই ফেশ্বন শ্ব’ত প্ৰদৰ্শিত প্ৰতিষ্ঠানটোৰ প্ৰতিভাসম্পন্ন ফেশ্বন ডিজাইনাৰসকলে প্ৰস্তুত কৰা পোছাক সমূহ মাল্টি লেভেল ডিজাইনিং ষ্ট’ৰ ডিজাইন ৱৰ্ল্ডৰ বেনাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত বয়নশিল্পক বিভিন্ন অনুষ্ঠানৰ মাজেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানটোৱে এক অগ্ৰণী ভূমিকা পালন কৰি অহা বুলি জনাই প্ৰতিষ্ঠানটোৰ কেন্দ্ৰ সঞ্চালক প্ৰতীক আগৰৱালাই।

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *