Friday , February 28 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ইলিট ক্লাবৰ ৰেস্তোৰাঁ মুকলি

ইলিট ক্লাবৰ ৰেস্তোৰাঁ মুকলি

 

ষ্টাফৰিপৰ্টাৰ, ২৫ আগষ্ট : ইলিট ক্লাৱৰ উদ্যোগত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰত প্ৰথম বাৰৰ বাবে দেওবাৰে মুকলি কৰা হ’ল “আইছ-বাৰ”ৰেস্তোৰাঁ। এই ৰেস্তোৰাঁ খন দেওবাৰে মুকলি কৰে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ সঞ্জীৱ নাৰায়ণে। তেওঁ কয় ” এই ইলিট ক্লাৱে অঞ্চলটোলৈ নতুন চিন্তা আনিছে আৰু ইয়াৰ জৰিয়তে লোকসকলে একে ঠাইতে সুন্দৰ সংগীত উপভোগ কৰিব পাৰিব। বিদেশত এনে অভিজ্ঞতা পোৱা যায় আৰু এতিয়াৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যৰসিকে এই নতুন অভিজ্ঞতা লাভ কৰিব পাৰিব।” এম এছ ইলিট ক্লাব এণ্ড আইচিই বাৰ খন গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ গুলছন গ্ৰেণ্ডত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। উল্লেখ এই বাৰ খনত বাৰ মাহে ১০ ডিগ্ৰী উষ্ণতা থাকিব। ইয়াত সংগীত আৰু অন্যান্য অনুষ্ঠান পৰিবেশন কৰা হ’ব।
এই অনুষ্ঠানত অজয় পোদ্দাৰ, কাঞ্চন পোদ্দাৰ, ৰঞ্জনা ভাজংকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াত খাদ্যৰসিকে ভাৰতীয় খাদ্য, তন্দুৰ, ইটালিয়ান আৰু চীনা তথা আমিষ, নিৰামিষ খাদ্যৰ জুতি ল’ব পাৰিব। লগতে সু স্বাদু স্নেকছ, ষ্টার্টাৰ আৰু কাবাবৰব জুতি ল’ব পাৰিব।ইয়াত থকা মিনি প্ৰেক্ষাগৃহত সভা, জন্মদিন, বিবাহ বার্ষিকী, কীটি পাৰ্টি আদি অনুষ্ঠিত কৰাৰ সুবিধা আছে বুলি উদ্যোক্তা সকলে জনায়।

About Staff Reporter

চাব পাৰে

এলেনৰ ২০ গৰাকী শিক্ষাৰ্থী য়ে এন টি এছ ই ষ্টেজ ২ পৰীক্ষা অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা অর্জন

  ষ্টাফৰিপোৰ্টাৰ , ২৭ ফেব্ৰুৱাৰী : মাধ্যমিক শিক্ষা নিৰ্দেশালয় গুৱাহাটীৰ এন টি এছ ই ষ্টেজ …

Leave a Reply

Your email address will not be published. Required fields are marked *