Sunday , January 26 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কৰৰা ফাইনেলত

ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কৰৰা ফাইনেলত

**ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কৰৰা ফাইনেলত*

প্ৰতিবেদক, ৰঙিয়া , ২২ ছেপ্টেম্বৰ :
ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত কৰৰা ক্লাৱে ফাইনেলত প্ৰৱেশ কৰিছে । আজি অনুষ্ঠিত হোৱা প্ৰথমখন ছেমিফাইনেলত কৰৰা ইয়ুথ এথলেটিকছ ক্লাবে ৰামপুৰ এছ.কে.পি ক্লাৱক ট্ৰাইবেকাৰ পদ্ধতিত ৪-৩ গ’লত পৰাস্ত কৰে। উত্তেজনাময় খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত অমীমাংসিত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত অৱলম্বন কৰে খেলখনৰ পৰিচালক ৰেফাৰী পহৰেদ আলী আহমেদ, সতীশ ডেকা,বাহাৰুল ইছলাম আৰু অমৰেন্দ্ৰ শৰ্মাই । ২৪ ছেপ্টেম্বৰ মঙ্গলবাৰে বাহগড়া এফ চিয়ে কেতেকীবাৰী জ্ঞানদা সংঘৰ বিৰুদ্ধে দ্বিতীয়খন ছেমিফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ। অসমৰ দুই মহিলা পাৱাৰ লিফটাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *