Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কেতেকীবাৰী ফাইনেলত

ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কেতেকীবাৰী ফাইনেলত

*ইয়ুথ এথলেটিকছ ক্লাব ফুটবলত কেতেকীবাৰী ফাইনেলত*

প্ৰতিবেদক, ৰঙিয়া , ২৪ ছেপ্টেম্বৰ :
ইয়ুথ এথলেটিকছ ক্লাব, কৰৰাৰ উদ্যোগত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা শিক্ষাবিদ তৰুণ চন্দ্ৰ ডেকা আৰু সমাজকৰ্মী কেশৱ চন্দ্ৰ চৌধুৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ অন্তিম ছেমিফাইনেল খেলত আজি বাহগড়া এফ চি আৰু কেতেকীবাৰী জ্ঞানদা সংঘৰ মাজত অনুষ্ঠিত হয়। তীব্ৰ প্ৰতিদ্বন্দিতাৰ খেলখনত কেতেকীবাৰী জ্ঞানদা সংঘই বাহগড়া এফ চিক ২—০ গলৰ ব্যৱধানত পৰাস্ত কৰি কেতেকীবাৰীয়ে ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ আৰম্ভণিতে উদ্বোধনী কৰে বিশিষ্ট সমাজকৰ্মী লক্ষী গোস্বামীয়ে ।খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে।তেওঁক লাইনত সহায় কৰে সতীশ ডেকা আৰু বাহাৰুল ইছলামে।চতুৰ্থ ৰেফাৰীৰ আসনত থাকে অমৰেন্দ্ৰ শৰ্মাই। অহা ২৯ ছেপ্তেম্বৰত কৰৰা ইয়ুথ এথলেটিকছ ক্লাবে আজিৰ বিজয়ী কেতেকীবাৰী জ্ঞানদা সংঘৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে খেল কমিটিৰ সভাপতি কৰুণা কান্ত ডেকা আৰু খেল সম্পাদক ভূষণ ডেকাই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *