Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ঈদত ঘৰলৈ আহি ধুহিবালাৰ এটি পৰিয়ালৰ পথ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

ঈদত ঘৰলৈ আহি ধুহিবালাৰ এটি পৰিয়ালৰ পথ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

ঈদত ঘৰলৈ আহি ধুহিবালাৰ এটি পৰিয়ালৰ পথ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু
*অগণন ৰাইজৰ উপস্থিতিত আজি জানাজা সম্পন্ন*
প্ৰতিবেদক, ৰঙিয়া, ১২ আগষ্টঃ
ঈদত ঘৰলৈ আহি এক পথ দুৰ্ঘটনাত ধুহিবালৰ এটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যই মৃত্যুক সাৱতি লোৱাত ঈদৰ আনন্দ-উছাহ ম্লান হৈ পৰিছে সমগ্ৰ ধুহিবালাতে । ঘটনাৰ বিষয়ে জানিব পৰা মতে ৰঙিয়া মহকুমাৰ ২ নং ধুহিৰ নুৰ মহম্মদ আলী (৩৫) নামৰ ব্যক্তি জনে যোৱাকালি সন্ধিয়াৰ ভাগত গুৱাহাটী আজৰা কাহিকুছিৰ পৰা পত্নী জিলিমা বেগম (২৫) আৰু একমাত্ৰ সাত বছৰীয়া পুত্ৰ সন্তান চাহিল আলীক লগত লৈ বাইকেৰে নিজ গৃহ ধুহিবালালৈ আহি আছিল । ডোৰা কহৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পিছফালৰ পৰা এখন ট্ৰাকে তীব্ৰ বেগত আহি খুন্দা মৰাত নুৰমহম্মদ,পত্নী জিলিমা বেগম সহ পুত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয় । আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতকেইটা উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । ইফালে আজি পবিত্ৰ ঈদৰ দিনত আবেলি সময়ত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ ব্যক্তিৰ মৃতদেহ নিজগৃহলৈ অনাৰ পিছত সমগ্ৰ অঞ্চলতে শোঁকৰ ছাঁ পৰে ।আজি অগণন ৰাইজৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নুৰমহম্মদ আলী দীৰ্ঘদিনৰ পৰা আজৰাৰ কাহিকুছিত কাপোৰৰ ট্ৰেইলাৰিং হিচাবে কৰ্মৰত হৈ আছিল । কালি ঈদৰ বাবে নজগৃহলৈ আহি থকা অৱস্থাত উক্ত শোঁকাকুল পৰিবেশে বিৰাজ কৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *