Wednesday , January 29 2020
Home / আঞ্চলিক / উগ্ৰতাৰা মন্দিৰৰ চুৰি বিগ্ৰহ উদ্ধাৰ

উগ্ৰতাৰা মন্দিৰৰ চুৰি বিগ্ৰহ উদ্ধাৰ

 

ষ্টাফৰিপৰ্টাৰ, ১ মে’, অৱশেষত মহানগৰীৰ ঐতিহ্যমণ্ডিত উগ্ৰতাৰা মন্দিৰৰ চুৰি বিগ্ৰহ উদ্ধাৰ হৈছে। নলবাৰীৰ পৰা গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি বিগ্ৰহ। ৫ মাহ ১৬ দিনৰ পিছত বিগ্ৰহটো উদ্ধাৰ কৰে আৰক্ষীয়ে। বিগ্ৰহৰ লগতে ৪ চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত নলবাৰী জিলাৰ বাটচৰৰ চান হুছেইন, টিহুৰ আদিল আলী, মুকালমুৱাৰ ৰাহুল আলী আৰু মহানগৰীৰ পাঞ্জাবাৰীৰ মিণ্টু ৰায়। নিশাই চাৰিওকে গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ নিয়া হয় ৪ চোৰক। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নলবাৰীৰ পৰা চুৰি বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে। বিগ্ৰহ চিনাক্তৰ বাবে গোলাঘাটলৈ ৰাওনা উগ্ৰতাৰাৰ মূল পূজাৰী। আজি অধিবাসৰ পিছত কাইলৈ নতুন মূৰ্তি প্ৰতিষ্ঠাৰ সিদ্ধান্ত লৈছিল মন্দিৰ কৰ্তৃপক্ষই।বহু জল্পনা কল্পনাৰ অন্তত গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে পুৰণিকলীয়া শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতু দেৱীৰ মুৰ্ত্তিটো!
অসম আৰক্ষীৰ প্ৰচেষ্টাক শলাগ লয়। উগ্ৰতাৰা মন্দিৰৰ পূজাৰীয়ে চিনাক্ত কৰিলে বিগ্ৰহটো। বিগ্ৰহটোৰ ক্ষত-বিক্ষত অৱস্থাত চিনাক্তকৰণ
দেৱী মূৰ্তিটো তলৰ সোঁহাত বেঁকা হৈ আছে। হাতৰ ওপৰৰ খৰ্গ দুটা, নৰ মুণ্ড মালাৰ ৩টা মূৰো কাটি নিলে চোৰে।
শিৱৰ জঁটাৰ ওপৰৰ সৰ্প কাটি নিয়া বুলি দাবী কৰে মন্দিৰৰ পূজাৰীয়ে।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *