Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা, উত্তৰ গুৱাহাটী ন-গোসাঁইৰ দুৰ্গা পূজাৰ প্ৰস্তুতি

উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা, উত্তৰ গুৱাহাটী ন-গোসাঁইৰ দুৰ্গা পূজাৰ প্ৰস্তুতি

উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা, উত্তৰ গুৱাহাটী ন-গোসাঁইৰ দুৰ্গা পূজাৰ প্ৰস্তুতি।

পঙ্কজ নাথ, চাংসাৰি, ১২ ছেপ্তেম্বৰ :

উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা ন-গোসাঁই পূজা ১৮২৬ চনৰ পৰা উত্তৰ গুৱাহাটী ৰজাদুৱাৰ গোসাঁই হাউলিত আয়োজন কৰি অহা হৈছে। এই ন-গোসাঁই ঐতিহাসিক দুৰ্গা পূজা পৰম্পৰাগত ধৰ্মীয় প্ৰথাৰে এইবাৰো আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে। অহা ১৫ আহিন ৩ অক্টোবৰৰ পৰা ২০ আহিন ৮ অক্টোবৰলৈ বৈদিক আৰু তান্ত্ৰিক পদ্ধতিৰে পূজা ভাগ সম্পন্ন কৰা হ’ব । ন-গোসাঁই পৰিয়াল আয়োজক সমিতিৰ তৰফৰ পৰা ঈশেশ্বৰ গোস্বামী আৰু মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰ ৩ অক্টোবৰত সন্ধিয়া দেৱীৰ বোধন। ৪ অক্টোবৰ ১৬ আহিন শুক্ৰবাৰে দেৱীৰ আমন্ত্ৰণ ও অধিবাস। ৫ অক্টোবৰ ১৭ আহিন মহাসপ্তমী পূজা দেৱীৰ নৱপত্ৰিকা স্হাপন। ৬ অক্টোবৰ ১৮ আহিন ৰবিবাৰে মহাঅষ্টমী পূজা। ৭ অক্টোবৰ ১৯ আহিন তাৰিখে সোমবাৰে মহানৱমী পূজা ।৮ অক্টোবৰ ২০ আহিন মংগলবাৰে যথা বিহিত বৈদিক নিয়ম অনুসৰি মহাদশমী, অপৰাজিতা পূজা আৰু বিসৰ্জনৰ অন্তত বাৰ্ষিক ভ্ৰমণ সংকল্প লোৱা হ’ব। এই ন-গোসাঁই ঐতিহাসিক দূৰ্গা পূজা বলি বিধান প্ৰথা নোহোৱাকৈ শান্তিময় পৰিবেশত আয়তীৰ নাম কীৰ্তন, ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰি এক আধ্যাত্মিক পৰিবেশত সম্পন্ন কৰা হ’ব বুলি জানিবলৈ দি সমূহ ভক্তপ্ৰাণ ৰাইজক এই পুজাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আয়োজক সকলে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *