Sunday , April 5 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ দহ কোটি টকীয়া প্ৰকল্প

উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ দহ কোটি টকীয়া প্ৰকল্প

উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ “ক্ৰীড়া প্ৰকল্পৰ” ভুমি পুজন সম্পন্ন । দহ কোটি টকীয়া প্ৰকল্পৰ কাম হল আৰম্ভ।

পঙ্কজ নাথ, চাংসাৰি, ১৬ জানুৱাৰী :

ৰাজ্যত ভোগালী বিহু উল্লাসৰ সমান্তৰালকৈ চলিছে খেল’ইণ্ডিয়া ক্ৰীড়া মহোৎসৱৰ উল্লাস । ক্ৰীড়াক অধিক তৰান্বিত কৰাৰ লক্ষ্যেৰে উত্তৰ গুৱাহাটীত হবলগীয়া ক্ৰীড়া প্ৰকল্পৰ আজি পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোৱে আৰম্ভণি কৰা হল। ৰজাদুৱাৰস্হিত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ ভূমিত নিৰ্মাণ কৰিব লগা ক্ৰীড়া প্ৰকল্পৰ বৈদিক পদ্ধতিৰে ভুমি পূজা কৰা হল আজি মাঘ মাহৰ পহিলা দিনটোত । ভূমি পূজনত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি দুৰ্লভ বৈশ্য, কাৰ্য্যকৰী সভাপতি মুকুটেশ্বৰ গোস্বামী, উপ সভাপতি দ্বয় দিলীপ বড়ো, গংগাধৰ দাস, সম্পাদক সুনীল বড়ো, কোষাধ্যক্ষ নিশান্ত নাথ, এথলেটিকছ সম্পাদক পৰাগজ্যোতি বৈশ্যই ভাগ লয় । বৰষা টেকনঅ ট্ৰেড প্ৰাইভেট লিমিটেডৰ বসন্ত চুৰাণা, কৰ্মকৰ্তা সকলৰ লগতে গড়কাপ্তানী বিভাগৰ অভিযন্তা জিতু দাসেও অংশগ্ৰহণ কৰে এই ভুমি পুজন অনুস্থানত। স্বাধীনতাৰ ৭ টা দশক অন্ত হোৱাৰ পিছতো বৃহত্তৰ অঞ্চলটোত এখন খেল পথাৰৰ অভাৱত বহু প্ৰতিভা অকাল মৰহি গৈছিল। উত্তৰ গুৱাহাটী, চাংসাৰি, আমিনগাঁও আৰু বৃহত্তৰ বেজেৰা অঞ্চলত নাই এখনো ষ্টেডিয়াম। স্বাধীনোত্তৰ কালৰ পৰা ফুটবল, সাতোঁৰ, এথলেটিকছ, মাৰ্চেল আৰ্ট ইত্যাদি খেল সমূহত উত্তৰ গুৱাহাটীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা খেলুৱৈ জন্ম দি আহিছিল। কিন্তু আন্তঃ গাঁথনিৰ অভাৱত যোৱা দশকটোত বিশেষ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই। এই সকলো বিষয় স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰোৱা হৈছিল । মন্ত্ৰীগৰাকী উদ্যোগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতত এখন পূৰ্ণাংগ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু আজি পবিত্ৰ মাঘৰ পহিলা দিনটোতে পূৰ্ণাঙ্গ ষ্টেডিয়াম কাম আৰম্ভ হৈছে।
বৰষা টেকনঅ ট্ৰেড প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰকল্পটো কৰিব। প্ৰথম পৰ্যায়ত ১০ কোটি টকা খৰচ নিৰ্ধাৰণ কৰা প্ৰকল্পটো গড়কাপ্তানী বিভাগৰ “চিগনেছাৰ প্ৰজেক্ট” অধীনত নিৰ্মাণ কৰা হব। বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে ষ্টেডিয়ামখনৰ আৰ্হি প্ৰস্তুত কৰিছে। সেইমতে প্ৰথম পৰ্যায়ত খেল পথাৰ উন্নয়ন, ট্ৰেক এণ্ড ফিল্ড, পেভিলিয়ন, বাউন্ডেৰী ৱাল নিৰ্মাণ কৰা হব। দুবছৰৰ ভিতৰত এই ক্ৰীড়া প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হব বুলি প্ৰকল্পৰ নিৰ্মাণৰ লগত জড়িত থকা বিষয়ববীয়াই জানিবলৈ দিছে । আজি বৃহস্পতিবাৰে ক্ৰীড়া প্ৰকল্পটোৰ ভুমি পুজন ও কামৰ আৰম্ভণি হোৱাৰ পিছতে অঞ্চলটোৰ ক্ৰীড়া প্ৰেমীসকলে যথেষ্ট সন্তোষ প্ৰকাশ কৰে। ইয়াৰ লগতে অনাগত দিনত বৃহত্তৰ অঞ্চলটোৰ উপৰিও ইয়াত অনুশীলন কৰা আশ পাশৰ খেলুৱৈ সকলৰ মাজৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰিছে।

About Staff Reporter

চাব পাৰে

লায়ন্স ক্লাৱ গুৱাহাটীৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

  ষ্টাফৰিপৰ্টাৰ,,,,২ এপ্ৰিল।।।আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ …

Leave a Reply

Your email address will not be published. Required fields are marked *