Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ গুৱাহাটী পাৰিজাত কুঞ্জ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্হ্য পৰীক্ষা শিবিৰ সম্পন্ন

উত্তৰ গুৱাহাটী পাৰিজাত কুঞ্জ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্হ্য পৰীক্ষা শিবিৰ সম্পন্ন

পঙ্কজ নাথ, চাংসাৰি, ১৪ জুন :

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডত ১৯৭৫ চনত প্ৰতিষ্ঠা হৈছিল পাৰিজাত কুঞ্জ অথবা চন্দ্ৰ ভাৰতী মইনা পাৰিজাত বিদ্যালয় । জন্ম লগ্নৰে পৰা এই বিদ্যালয়খনে শিশু শিক্ষা ক্ষেত্ৰত এক অগ্ৰনী ভূমিকা পালন কৰি আহিছে। বৰ্তমান বিদ্যালয়খনত অংকুৰ মুকুল পৰ্যায়ত মুঠ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। প্ৰতি বছৰে শিশু সকলৰ সুস্বাস্থ্যৰ বাবে এই বিদ্যালয় খনে এক বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সহযোগিতাত আয়োজন কৰি অহিছে । ইয়াৰ পৰিপ্ৰেক্ষিততে আজি ডাঃ এছ এম আলী দেৱান , ডাঃ অপৰাজিত গোস্বামী আৰু ডাঃ অপৰাজিত পাটোৱাৰী নেতৃত্বত আঠ জনীয় এটি দলে মইনা সকলৰ স্বাস্হ্য পৰীক্ষা কৰে আৰু বিনামূলীয়া ঔষধ যোগান ধৰে। আজি স্বাস্থ্য পৰীক্ষা শিবিৰত মুঠ ৩০ গৰাকী ছাত্ৰ ছাত্ৰী আৰু ৪ গৰাকী শিক্ষয়িত্ৰীৰ স্বাস্হ্য পৰীক্ষা কৰা হয়। স্বাস্হ্য পৰীক্ষা শিবিৰত পাৰিজাত কুঞ্জৰ সভাপতি কেশৱ তালুকদাৰ, গুৱাহাটী জিলা মইনা পাৰিজাতৰ সভাপতি তিলক ডেকা, পাৰিজাত কুঞ্জৰ তত্বাৱধায়ক জীৱেন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকে। পাৰিজাত কুঞ্জৰ সম্পাদক ময়ুৰ গোস্বামীয়ে স্বাস্হ্য শিবিৰটো আৱশ্যকতা ব্যাখ্যা কৰাৰ লগতে শিবিৰত সহায় সহযোগিতা আগবঢ়োৱা চিকিৎসকৰ দলটোৰ লগতে শিবিৰত উপস্থিত অভিভাৱক অভিভাবিকা সকলকো ধন্যবাদ জনায়।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *