Thursday , December 12 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলি বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ

উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলি বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ

 

*উন্নয়নৰ নামত গছ কটা বন্ধ কৰক : যাদৱ পায়েং

*ব্ৰহ্মপুত্ৰৰ পাৰৰ গছৰ সুৰক্ষাৰ বাবে বিশেষজ্ঞ সমিতি গঠনৰ দাবী

ষ্টাফৰিপৰ্টাৰ, ১৯ নৱেম্বৰ : উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলিভাৱে বিৰোধিতা কৰিলে পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েঙে । গছৰ সুৰক্ষাৰ দাবীত গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত পুৱাতে আহি উপস্থিত হ’ল প্ৰকৃতি প্ৰেমীগৰাকী । চৰকাৰে নিজ খেয়াল খুঁচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় “আমি উন্নয়নৰ বিৰোধিতা নকৰো । কিন্তু উন্নয়নৰ নামত জধে-মধে গছ কটাৰ বিৰোধিতা কৰো । গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠন তথা পশ্চিম গুৱাহাটী অঞ্চলৰ ৰাইজৰ উপস্থিতিত পায়েঙে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । চীন, টাইৱান আদি দেশৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় সেইসমূহ দেশত প্ৰকৃতিৰ বাবে প্ৰতিকূল কোনো উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰা নহয় । বৰং প্ৰকৃতিৰ সুৰক্ষা সুনিশ্চিত কৰিহে পৰিকল্পনা গ্ৰহণ কৰা হয় । পায়েঙে এই ক্ষেত্ৰত চৰকাৰক উপযুক্ত পৰিকল্পনা অনুসৰি প্ৰয়োজন সাপেক্ষে উচ্চ কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি এই বৃহৎ সংখ্যক গছ নকটাকৈ দলংখন নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় । আনহাতে দেশৰ বৰ্তমানৰ শিক্ষা নীতিক সমালোচনা কৰি তেওঁ কয় ‘প্ৰাথমিক বিদ্যালয়ৰ পৰাই পৰিৱেশ বিজ্ঞান বাধ্যতামূলক হ’ব লাগে । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক যিমান পাৰি গছপুলি ৰোপন কৰি প্ৰতিপালন কৰিবলৈও আহ্বান জনায় ।
উল্লেখযোগ্য সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ৩০০জোপা গছ কটাৰ আশংকা আছে । প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ’ব । কিয়নো এই বৃহৎ অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান । ইয়াৰোপৰি এই গছবোৰৰ বেছিভাগে পঞ্চাশ বছৰতকৈও অধিক পুৰণি। অঞ্চলটোৰ বহু লোকে তেওঁলোকৰ বাল্যকালৰ বেছি ভাগ সময় এই বৃহৎ গছবোৰৰ তলত খেলা-ধুলা কৰিয়ে অতিবাহিত কৰিছিল । কিন্তু দূৰ্ভাগ্যৰ বিষয় এইটোৱে যে ৰাজ্য চৰকাৰখনে দলং নিৰ্মাণৰ বাবে ডি পি আৰ প্ৰস্তুত কৰোঁতে স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰি নিজৰ মইমতালি মতে উক্ত ডি পি আৰ প্ৰস্তুত কৰে । অন্যথা সকলো গছ বচাই চৰকাৰে অনায়াসে প্ৰস্তাৱিত দলংখন নিৰ্মাণ কৰিব পাৰিলেহেতেন ।
উল্লেখ ইয়াৰ পূৰ্বেও নাগৰিকৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানক্ৰমে পশ্চিম গুৱাহাটী অঞ্চলৰ ৰাইজে ১০ নৱেম্বৰত গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *