Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ পূবৰ বজাৰ দখলৰ লক্ষ্য “ডাইকিন কোম্পানীৰ”

উত্তৰ পূবৰ বজাৰ দখলৰ লক্ষ্য “ডাইকিন কোম্পানীৰ”

 

ষ্টাফৰিপৰ্টাৰ,,,১৯ ফেব্ৰুৱাৰী।। বাতানুকূল চমুকৈ এ চি নিৰ্মাণৰ ক্ষেত্ৰত জাপানৰ ডাইকিন প্ৰাইভেট লিমিটেড কোম্পানীয়ে বিশ্বৰ ভিতৰতে এক শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিগত দহটা বছৰত ডাউকিন কোম্পানীয়ে এ চি নিৰ্মাণৰ ক্ষেত্ৰত দেশবাসীৰ সকলো অভাৱ পূৰণ কৰিছে। শেহতীয়াকৈ জাপানৰ এই ডাইকিন কোম্পানীয়ে উত্তৰ পূৱৰ বজাৰ দখল কৰাৰ লক্ষৰে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্য আগত ৰাখি বুধবাৰে গুৱাহাটীস্থিত হোটেল নৱটলত এক সংবাদ মেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত ডাইকিন কোম্পানীয়ে নিৰ্মাণ কৰি উলিওৱা স্পিলিট এ চি আৰু ভি আৰ ভি হোম ছিৰিজৰ এচি অনুষ্ঠানিক ভাবে মুকলি কৰা হয়। এই সন্দৰ্ভত ডাইকিন ইণ্ডিয়াৰ সঞ্চালক কুলদীপ বীৰমানিয়ে কয়”ভাৰতৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে এ চি নিৰ্মাণৰ কাৰখানা স্থাপন কৰা হৈছে। আজি আমি মুকলি কৰা এই এ চি’য়ে উন্নত মানদণ্ড আৰু অধিক ক্ষমতাসম্পন্ন সম্পূৰ্ণ ৰূপে বিদ্যুৎ ৰেহাই কৰিব আৰু আৰু ইয়াৰ শিতলীকৰণৰ ক্ষমতা ৯৫০০ বি টি ইউ”যিয়ে ভাৰতত প্ৰাকৃতিক ভাৰসাম্যৰ বাবে গৰম উদ্ভব হয় সেয়া ৰক্ষা কৰাৰ ক্ষেত্ৰত এই ইনভাৰটাৰ সংযোগ নোহোৱা এ চি’য়ে এক উল্লেখযোগ্য ভূমিকা পালন কৰিব।

About Staff Reporter

চাব পাৰে

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

  ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *