Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীডত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীডত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

 

ষ্টাফৰিপোৰ্টাৰ, ৮ জানুৱাৰী : উত্তৰ–পূব প্ৰাকৃতিক গেছ পাইপলাইন গ্ৰীডত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অনুমোদন জনোৱা হয় এই প্ৰকল্পত। সমগ্ৰ উত্তৰ–পূবত ১৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ গ্ৰীড নিৰ্মাণ কৰা হ’ব। কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা জনায় সংবাদ মাধ্যমক। এই প্ৰকল্পৰ যোগেদি সমগ্ৰ ভাৰতৰে ৩০ৰ পৰা ৪০ শতাংশ গেছ উত্তৰ–পূবত উৎপাদন হ’ব। আৰু উত্তৰ–পূবৰ ৮খন ৰাজ্যত সম্প্ৰসাৰণ কৰা হ’ব এই গ্ৰীড। ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডক এই প্ৰকল্পৰ কাৰণে নিয়োগ কৰা হ’ব। এই প্ৰতিষ্ঠানটোক ভাইয়াবিলিতি গেপ ফাণ্ডিং (Viability Gap Funding)ৰ শিতানত কেপিটেল গ্ৰাণ্ট প্ৰদানৰ অনুমোদন জনাইছে কেবিনেটে।

About Staff Reporter

চাব পাৰে

কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ ২৪ ডিচেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ …

Leave a Reply

Your email address will not be published. Required fields are marked *