Sunday , December 15 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ পূব ভাৰতত “অসম ৰেডিয়েন্ট ইণ্ডিয়া কোম্পানীয়ে স্ফটিছ এক্সপাৰ্টৰ সৈতে সহযোগীতা মূলক ভাৱে ডাৰ্ক নাইট হুইস্কী মুকলি

উত্তৰ পূব ভাৰতত “অসম ৰেডিয়েন্ট ইণ্ডিয়া কোম্পানীয়ে স্ফটিছ এক্সপাৰ্টৰ সৈতে সহযোগীতা মূলক ভাৱে ডাৰ্ক নাইট হুইস্কী মুকলি

 

 

 

ষ্টাফৰিপৰ্টাৰ।।৯ নৱেম্বৰ উত্তৰ পূব ভাৰতত ৰেডিয়েন্ট কোম্পানীয়ে তাৰ নতুন” ডাৰ্ক নাইটৰ স্মল বেটছ হুইস্কী প্ৰদৰ্শন কৰাৰ বাবে আগ্রহ প্ৰকাশ কৰিছে। উত্তৰ পূৱ ভাৰতত নামাংকিত তথা উদ্ভাৱিত।এই হুইস্কী ব্ৰেণ্ডটো বিশেষভাৱে উদ্ভাৱন কৰিছে হুইস্কী বিশেষজ্ঞ জন মেক ডুগলে। শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে এই নতুন ডাৰ্ক নাইট হুইস্কী মুকলি কৰি এই সন্দৰ্ভত ৰেডিয়েন্ট নৰ্থ ইষ্ট কোম্পানীৰ পৰিচালন সঞ্চালক বিকি চান্দে কয়”-এইটো ঘৰুৱাভাৱে উপলব্ধ মাটক আৰু পৰিশোধিত পানীৰে তৈয়াৰ কৰা হৈছে। তদুপৰি থলুৱাভাৱে পোৱা বাহৰ কয়লাৰে পুনৰ পৰিশোধন কৰিবলৈ দিয়া হয়। ইয়াৰোপৰি আমেৰিকাৰ পৰা আমদানীকৃত ওক গছৰ বাঠ কাটি পোৱা ৰস কেইবছৰমান ৰখাৰ পিছত যি ৰস উৎপন্ন হয়, তাক এই হুইস্কী ব্ৰেণ্ডটোৰ লগত ভালদৰে মিশ্ৰণ কৰা হয়, যাৰ ফলস্বৰূপে হুইস্কী ব্রেণ্ডটো উচ্চ গুণসম্পন্ন ৰূপে পৰিগণিত হৈছে”। আনহাতে, সংবাদমেলত উপস্থিত থাকি জন মেকজুগলে হুইস্কী সদায় খিলঞ্জীয়া প্ৰণালী ব্যৱহাৰ কৰিলেহে তাৰ উৎকৃষ্টতম মানদণ্ড পোৱা যায় বুলি উল্লেখ কৰে”। ডাৰ্ক নাইটে এখন সুন্দৰ বজাৰ দখল কৰিব বুলি আমি আশাবাদী বুলি ৰেডিয়েন্ট কোম্পানীৰ উত্তৰ পূব অঞ্চলৰ বিক্ৰী আৰু বাণিজ্যিক প্ৰধান মনজিৎ দত্তই সংবাদমেলত উপস্থিত থাকি মন্তব্য কৰে”। উল্লেখযোগ্য যে, ছয়টা ভাগত বিভক্ত এই হুইস্কী ব্রেণ্ডটো ৰেডিয়েন্ট কোম্পানীৰ প্ৰথম বাৰৰ বাবে অসমত উপলব্ধ কৰিছে “আমেৰিকান ট্ৰেডিছন অফ হুইস্কী বাৰবন’ৰ কলা কৌশলৰ আধাৰত।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *