Monday , February 17 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ অইল ৱেল চিমেণ্ট উৎপাদন ডালমিয়া চিমেণ্ট (ভৰত) লিমিটেডৰ

উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ অইল ৱেল চিমেণ্ট উৎপাদন ডালমিয়া চিমেণ্ট (ভৰত) লিমিটেডৰ

 

ষ্টাফৰিপৰ্টাৰ,,,৩০ জানুৱাৰী।। শীৰ্ষস্থানীয় ভাৰতীয় চিমেন্ট আৰু ডালমিয়া ভাৰত লিমিটেডৰ অধীনস্থ ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডে বৃহস্পতিবাৰে ইয়াৰ বিশেষীকৃত অইল ৱেল চিমেণ্টৰ প্ৰথমটো গোট মুকলি কৰে। এই মুকলি অনুষ্ঠানত উপস্থিত থাকে ডালমিয়া চিমেন্টৰ আঞ্চলিক বিক্ৰী সঞ্চালক সুনীল আগৰৱাল। এনেদৰে উত্তৰ পূৰ্বাঞ্চলত অইল ৱেল চিমেণ্ট প্ৰস্তুতৰ কাৰণে এপিআই আৰু বিআইএছ কতৃপক্ষৰ পৰা এটা চিমেণ্ট প্রস্তুতকর্তাই প্ৰথমবাৰলৈ অনুজ্ঞাপত্ৰ লাভ কৰিছে। আজিৰ অনুষ্ঠানত এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি ডালমিয়া চিমেণ্ট(ভাৰত) লিমিটেডৰ কাৰ্যবাহী সঞ্চালক সুনীল আগৰৱালে কয়-“মেঘালয়ত অইল ৱেল চিমেণ্টৰ প্ৰথমটো গোট উৎপাদন আৰু যোগানৰ দ্বাৰা আমি আমাৰ শিৰত আন এটা মুকুট পৰিধান কৰিব পাই আনন্দিত হৈছোঁ। আমি ভাৰতত সবাতোকৈ পুৰণি অইল ৱেল চিমেন্ট প্ৰস্তুতকাৰী আৰু ১৯৮৫ চনৰ পৰাই আমাৰ তামিলনাডুস্থিত ডালমিয়াপুৰম প্ৰকল্পৰ পৰা অসমৰ দুলীয়াজানৰ পৰা অ’ডব্লিউচি যোগান ধৰা হৈছে। তেওঁ লগতে কয়”-মেঘালয়ৰ খেলৰিহাট প্ৰকল্পৰ উমাছু মুটাঙত প্ৰস্তুত আমাৰ প্ৰথমটো গোটৰ ১৫০ টন অ’ডব্লিউচি আজি আমাৰ ক্ৰেতালৈ হস্তান্তৰ কৰা হ’ল। এই নতুন ব্যৱস্থাই প্ৰাথমিক ভাৱে অসম ত্ৰিপুৰা আৰু মিজোৰামৰ প্ৰকল্প সমূহত সহায়ক হ’ব আৰু লগতে ম্যানমাৰ আৰু বাংলাদেশৰ বজাৰতো উপলব্ধ হ’ব”। উল্লেখযোগ্য যে, এছিয়াৰ সুদীৰ্ঘ পথ দলং, ভূপেন হাজৰিকা সেতু(ঢলা-শদিয়া দলং)ভাৰতৰ সুদীৰ্ঘ ৰেল আৰু পথ দলং বগীবিল দলং, আৰু অৰুণাচল প্ৰদেশৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ দৰে মূল ডাঙৰ প্ৰকল্পত ইয়াৰ অংশগ্ৰহণেৰে অঞ্চলটোৰ এটা পছন্দৰ চিমেণ্ট বেণ্ডলৈ ডালমিয়া চিমেণ্ট পৰ্যবসিত হয়।

About Staff Reporter

চাব পাৰে

হেভেলছৰ গুৱাহাটী প্লেন্টৰক অনা- চাহ খণ্ডত সৰ্বোত্তম কমপ্লায়েন্স ফেক্টৰী হিচাপ স্বীকৃতি প্ৰদান

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,২৭ নৱেম্বৰ।।।। ভাৰতৰ এক অগ্ৰণী ফাষ্ট মোভিং ইলেকট্ৰনিক কোম্পানীক বুধবাৰে ১৯৮৭ৰ অধীনত সৰ্বোত্তম …

Leave a Reply

Your email address will not be published. Required fields are marked *