Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উত্তৰ পূৰ্বাঞ্চলত মুকলি হ’ল বাজাজ অট’ৰ প্ৰথমখন কোৱাদ্রিচাইকেল “কিউট”

উত্তৰ পূৰ্বাঞ্চলত মুকলি হ’ল বাজাজ অট’ৰ প্ৰথমখন কোৱাদ্রিচাইকেল “কিউট”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,৩০ এপ্ৰিল।।। তিনিচকীয়া বাহনৰ অগ্ৰণী নিৰ্মাতা প্ৰতিষ্ঠান বাজাজ অট’ৱে মঙলবাৰে জালুকবাৰীস্থিত হোটেল ৰেডিছন ব্লু’ত উত্তৰ- পূব ভাৰতত মুকলি কৰে কোৱাদ্রিচাইকেল কিউট। পেট্ৰল’ ভেৰিয়েন্টত মুকলি হোৱা কিউটত আছে পাতলীয়া ওজনৰ ২১৬ চিচি ৪ ভালভৰ ৱাটাৰ কুল্ড, ডিটিএছআইযুক্ত ইঞ্জিন য’ত আছে ক্ল’জড লুপ ফুৱেল ব্যৱস্থা। কিউটত আছে আৰোহীক ৰ’দ আৰু বৰষুণৰ পৰা সুৰক্ষা প্রদান কৰিব পৰা বিশেষ ক্ষমতাৰ লগতে ক্ৰমিক গীয়েৰ শ্বিফ্টৰৰ সুবিধা। আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি বাজাজ অট’ লিমিটেডৰ ইট্ৰাচিটি বিজনেছ ইউনিটৰ উপ মহাপ্ৰবন্ধক মুকেশ তিৱাৰীয়ে কয় “আমি উত্তৰ পূৰ্বাঞ্চলত কিউট মুকলি কৰিবলৈ পাই সুখী অনুভৱ কৰিছো। চহৰৰ মাজত পৰিবহন কৰাৰ বাবে আমাৰ বাহনখন উপযোগী আৰু ই সকলো ধৰণৰ বতৰৰ বাবে সুৰক্ষিত এখন আহল বহল বাহন”উল্লেখযোগ্য যে, ২.৮৩ লাখ টকা মূল্যৰ এই বাহনখন ইক’ গ্ৰীণ, নেপচুন ব্লু, গোল্ডেন ইয়েল্ল, আৰ্কটিক হোৱাইট, ব্ৰাইন ৰে’ড আৰু জেট ব্লেক এই ছয়টা ৰঙত উপলব্ধ হ’ব।

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *