Sunday , April 5 2020
শেহতীয়া খবৰ
Home / মহানগৰ / উত্তৰ-পূৱৰ আটাইতকৈ বিশ্বস্ত তীখা ব্ৰেণ্ড হিচাপে মাইথান টিএমটিলৈ ঐক্যতান বঁটা

উত্তৰ-পূৱৰ আটাইতকৈ বিশ্বস্ত তীখা ব্ৰেণ্ড হিচাপে মাইথান টিএমটিলৈ ঐক্যতান বঁটা

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,, ১৯ জানুৱাৰী* – উত্তৰ-পূৱ ভাৰতৰ অন্যতম আগশাৰীৰ টিএমটি বাৰ উৎপাদনকাৰী প্ৰতিষ্ঠান মাইথান টিএমটি বাৰলৈ আগবঢ়োৱা হৈছে ঐক্যতান বঁটা। অসম তথা উত্তৰ-পূৱৰ অন্যতম বিশ্বস্ত তীখা ব্ৰেণ্ড হিচাপে এই বঁটা আগবঢ়োৱা হৈছে মাইথান টিএমটিলৈ। গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত এই বঁটাপ্ৰদান অনুষ্ঠান আয়োজন কৰিছিল আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান নিউজ ১৮ অসম নৰ্থ-ইষ্টে।
উল্লেখ্য যে মাইথান টিএমটিয়ে এই ঐক্যতান বঁটা লাভ কৰে উত্তৰ-পূৱৰ আটাইতকৈ বিশ্বস্ত তীখা ব্ৰেণ্ড হোৱাৰ উপৰি উত্তৰ পূৱৰ উন্নয়নমূলক কাম কাজত ওতঃপ্ৰোতভাৱে জড়িত থাকি সামাজিক উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ বাবে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূৱ মণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনো উপস্থিত থাকে।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অনুষ্ঠানত মুখ্য অতিথি হিচাপে থকা সৰ্বানন্দ সোণোৱালৰ পৰা এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ উঠা মাইথান টিএমটিৰ সঞ্চালক মধুৰ আগৰৱালাই কয়, “ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ হাতৰ পৰা আমি এই সন্মানীয় বঁটা লাভ কৰিবলৈ পাই নথৈ আনন্দিত হৈছো আৰু গৰ্বিত অনুভৱ কৰিছো।” তেওঁ লগতে কয়, “আমাৰ ওপৰত সদায়েই আস্থা ৰাখি অহা বাবে আমি আমাৰ গ্ৰাহক সমাজৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ উৎপাদিত সামগ্ৰীৰ মানদণ্ড সদায়েই উন্নত কৰি ৰখাৰ বাবে চেষ্টা কৰি থকাৰ সময়ত আমাক অহৰহ আমাৰ গ্ৰাহকসকলে উৎসাহিত কৰি আহিছে। আমাৰ এই প্ৰতিষ্ঠানে সদায়েই সমাজৰ প্ৰতি অৰিহণা আগবঢ়োৱাক অগ্ৰাধিকাৰ দি আহিছে। মাইথান ষ্টীল আৰু পাৱাৰ লিমিটেডে সম্প্ৰতি ১৫০০ লোকক প্ৰত্যক্ষভাৱে নিয়োগ প্ৰদান কৰাৰ লগতে ১০,০০০ লোকক পৰোক্ষভাৱে নিয়োগ প্ৰদান কৰিছে।”
জাপানৰ আৰু ইউৰোপৰ বিভিন্ন দেশকে ধৰি বিশ্বৰ ৫৬ খন দেশলৈ সামগ্ৰী ৰপ্তানি কৰি থকা মাইথানে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে শেহতীয়াকৈ সৰ্বত্ৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

About Staff Reporter

চাব পাৰে

অসহায় লোকৰ মাজত মহাৰাজা অগ্ৰসেন চেৰিটেবল ট্ৰাষ্টৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : কোৰোনা ভাইৰাছে বিশ্বব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে …

Leave a Reply

Your email address will not be published. Required fields are marked *