Thursday , September 19 2019
শেহতীয়া খবৰ
Home / সাহিত্য / “উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

“উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ” শীৰ্ষক গ্ৰন্থ উন্মোচন

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১ জুন।।।গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু পূৰ্বাঞ্চল প্ৰকাশৰ সহযোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত” উত্তৰ -পূৱ ভাৰতবৰ্ষত লিংগ আৰু গণতন্ত্ৰ: অন্তৰ্ভুুক্তি আৰু সবলীকৰণৰ ৰাজনীতি’ শীৰ্ষক এখন ইংৰাজী গ্ৰন্থ উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মাই সম্পাদনা কৰা আৰু গুৱাহাটীৰ পূৰ্বাঞ্চল প্ৰকাশনৰ দ্বাৰা প্ৰকাশ পোৱা ২৬ টা তথ্যসমৃদ্ধ লেখাৰে সমৃদ্ধ এই গ্ৰন্থখনি উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ৰমে ড০ নিৰু হাজৰিকা, ড০ অনুৰাধা দত্ত আৰু ড০ দেৱব্ৰত শৰ্মাই। উন্মোচনী ভাষণত ড০ অনুৰাধা দত্তই কয়-“এইটো এটা মোৰ অতি প্ৰিয় বিষয়বস্তু। অতীজৰে পৰা সকলো ক্ষেত্ৰত আগভাগ লোৱা বিশেষকৈ নাৰীসকল কিয় ৰাজনৈতিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত থমকি ৰ’ব লগা হৈছো সেইটো অতিকৈ চিন্তাৰ বিষয় হৈ পৰিছে। গতিকে এনে সময়ত নগা মাতৃ সন্থাৰ দৰে অনুষ্ঠানসমুহৰ যোগাত্মক ভূমিকাই উত্তৰ-পূব ভাৰতৰ লিংগ আৰু গণতান্ত্ৰিক পথত যথেষ্ট আশাৰ সঞ্চাৰ কৰিব। মোৰ বিশ্বাস, এই গ্ৰন্থখনত এই বিষয়ে খুব ভালদৰে আলোচনা হৈছে আৰু এনেকুৱা বিষয় লৈ ৰাজনীতি বিজ্ঞানত সদাই যাতে চৰ্চা হয় তাৰেই কামনা কৰিলোঁ”।” আনহাতে, আন দুগৰাকী উন্মোচকে শুভেচ্ছামূলক ভাষণ আগবঢ়ায়। আনহাতে, গ্ৰন্থখনিৰ বিষয়ে তত্ত্বগধুৰ ব্যক্তব্য আগবঢ়াই উত্তৰ -বংগ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা আই চি এছ আৰৰ চিনিঅ’ৰ ফেল’ ড০ মানস চক্ৰৱৰ্তীয়ে। ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক সুকন্যা ভৰদ্বাজে আঁত ধৰা উক্ত অনুষ্ঠানটি সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই। অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ছাত্ৰ -ছাত্ৰী আৰু অধ্যপক উপস্থিত উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

গুৱাহাটী প্ৰেছ ক্লাৱত “বস্ত্ৰ কথা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপোৰ্টাৰ,,,,২৩ জুন।।।। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত বৌদ্ধিক চিন্তা- চর্চাৰ পৰিবেশ সৃষ্টিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *