Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰ চেন্নাইলৈ যাত্ৰা

উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰ চেন্নাইলৈ যাত্ৰা

৪ ডিচেম্বৰত অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন

উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰ চেন্নাইলৈ যাত্ৰা

বঙাইগাঁওঃ ১ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ অধিৱেশনত অংশ গ্ৰহণৰ উদ্দেশ্যে দেওবাৰে উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ সহস্ৰাধিক কৰ্মীৰে এখন বিশেষ ৰে’ল আহি নিউবঙাইগাঁও ৰে’লৱে জংচনত উপস্থিত হয় ৷ তিনিচুকীয়াৰ পৰা শনিবাৰে যাত্ৰা আৰম্ভ কৰা এই ৰেলখনে সমগ্ৰ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ পৰা মজদুৰ ইউনিয়নৰ কৰ্মীসকলক লৈ যাত্ৰা কৰিব চেন্নাইৰ পেৰাম্বুৰলৈ ৷ য’ত অহা ৪ ডিচেম্বৰৰ পৰা তিনদিনীয়া কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ ৯৫ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব ৷ ৰে’লখন নিউ বঙাইগাঁও ৰে’লৱে জংচনত উপস্থিত হোৱাৰ পিছত বঙাইগাঁৱৰ পৰাও মজদুৰ ইউনিয়নৰ কৰ্মীৰ দলকলৈ গন্তব্য স্থান অভিমুখে যাত্ৰা আৰম্ভ কৰে ৷ ইপিনে অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তই কয় যে এই অধিৱেশনত সমগ্ৰ ভাৰতৰ পৰা এক লাখৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ প্ৰণিধানযোগ্য যে এই অধিৱেশনত সৰ্বভাৰতীয় কেইবাটাও শ্ৰমিক সংগঠনৰ নেতৃবৰ্গৰ উপৰিও আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংগঠন যেনে ইণ্টাৰনেচনেল ট্ৰেন্সপোৰ্ট ৱাৰ্কাচ ফেডাৰেচনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰিব ৷ এই অধিৱেশনত ৰে’লৰ ব্যক্তিগতকৰন , দেশৰ আৰ্থিক মন্দাৱস্থা , মুল্যবৃদ্ধি, চৰকাৰৰ শ্ৰমিকবিৰোধী নীতি আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হ’ব বুলি দাসগুপ্তই জনায় ৷

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *