Monday , March 30 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / উবেৰাইজেশ্বন’ আঁচনি

উবেৰাইজেশ্বন’ আঁচনি

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : নিবনুৱাক সংস্থাপন আৰু যোগাযোগ ব্যৱস্থা উন্নতিকৰণৰ বাবে অসম চৰকাৰে হাতত লৈছে ‘উবেৰাইজেশ্বন’ নামেৰে এক আঁচনি ৷ য’ত ২৫% চৰকাৰী অনুদানেৰে হিতাধিকাৰীয়ে ক্ৰয় কৰিব বাছ। ইয়াৰে ১৫% হিতাধিকাৰিয়ে বিনা সুতত পৰিশোধ কৰিব লাগিব। আৰু অতিৰিক্ত ১০% পৰিশোধ কৰিব অসম ৰাজ্যিক পৰিবহণ নিগমে ৷ এই আঁচনিৰ জৰিয়তে লাভ কৰা গাড়ী অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত অতি কমেও ৫ বছৰ চলাব লাগিব ৷ ইতিমধ্য ৰাজ্য চৰকাৰে এই আঁচনিৰ বাবে ৫০কোটি টকা আবণ্টন দিছে পৰিবহণ নিগমক ৷ ২৯
ফেব্ৰুৱাৰীৰ ভিতৰত পৰিবহণ নিগমৰ ৱেবচাইট www.astc.assam.gov.inত ১০০০টকা মাচুলেৰে আৱেদন কৰিব লাগিব। একোজন আৱেদনকাৰীয়ে বেলেগ বেলেগ পথত সৰ্বোচ্চ ৫ খন আৱেদন কৰিব পাৰিব ৷ প্ৰথম অৱস্থাত পৰিবহণ নিগমে ৭০০খন বাছ এই আঁচনিৰ ভিতৰত সামৰি লোৱা হ’ব ৷

আশা কৰা হৈছে যে, এই আঁচনিৰ জৰিয়তে অসমৰ নিবনুৱাসকল উপকৃত হোৱাৰ লগতে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাও উন্নীতকৰণ হ’ব ৷ শুকুৰবাৰে সংবাদমেল যোগে এই আচঁনিখনৰ সন্দৰ্ভত সকলো কথা বিৱৰি ক’লে পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্ৰৰায়, উপাধ্যক্ষ হৰিচৰণ বড়ো আৰু সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে ৷

About Staff Reporter

চাব পাৰে

অসমৰ বাহিৰত আৱদ্ধ লোকসকলৰ বাবে চৰকাৰৰ হেল্পলাইন নং

অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকক সহায়ৰ হাত মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ । দেশৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *