Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / উৎসৱৰ বতৰত ফিলিপছ টেলিভিছনে গুৱাহাটীত মুকলি কৰিলে ৬৫ ইঞ্চিৰ ফিলিপছ এম্বিলাইট টেলিভিছন

উৎসৱৰ বতৰত ফিলিপছ টেলিভিছনে গুৱাহাটীত মুকলি কৰিলে ৬৫ ইঞ্চিৰ ফিলিপছ এম্বিলাইট টেলিভিছন

ষ্টাফ ৰিপ’ৰ্টাৰ ২৬ ছেপ্টেম্বৰ। ফিলিপছ টেলিভিছনে বৃহস্পতি বাৰে গুৱাহাটীত মুকলি কৰিলে ৬৫ ইঞ্চিৰ ফিলিপছ এম্বিলাইট টেলিভিছন। গুৱাহাটী তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে মুকলি হোৱা এই টেলিভিছনত আছে এম্বিলাইট প্ৰযুক্তি আৰু ৬, ৭০০ছিৰিজৰ সৰ্ববৃহৎ স্ক্ৰীন ছাইজ। ১,৩৮,৯৯৯ টকা মূল্যৰ এই টেলিভিছনটো মুকলি কৰি টি পি ভি টেকন’লজি ইণ্ডিয়া প্ৰায়ভেট লিমিটেড, ফিলিপছ ব্ৰেণ্ডেড টেলিভিছন এণ্ড অডিঅ’ৰ ক্ৰান্তি বিজনেছ হেড অৰুণ মেননে কয়”উৎসৱৰ সময়ছোৱাৰ সৈতে সংগতি ৰাখি আমি ফিলিপছ টেলিভিছন এণ্ড অডিঅ’ৰ গুৱাহাটীত মুকলি কৰিছো। উৎকৃষ্ট মূল্যত উপলব্ধ আমাৰ হোম এণ্টাৰটেইনমেণ্টৰ উপকৰণ সমূহে গ্ৰাহকক অধিক বিকল্পৰ মাজৰ পৰা বাছনি কৰাৰ সুবিধা আগবঢ়াব আৰু বৰ্ধিত ৱাৰেণ্টি, অন-ছাইট ছাৰ্ভিচ আদিৰ দৰে অফাৰৰ জৰিয়তে তেওঁলোকৰ বাবে এই শ্ৰেণীৰ সামগ্ৰী ক্ৰয় কৰাত উৎসৱ বতৰত অধিক আকৰ্ষণিয় হৈ পৰিব”। উল্লেখযোগ্য যে, আধুনিক ইউৰোপীয়ান ডিজাইন, ৪ কে আলট্ৰা এইচ ডি,পিক্সেল প্ৰিছাইজ আলট্ৰা এইচ ডি, এইচ ডি আৰ প্লাছ আদি বৈশিষ্ট্যৰে পৰিপূৰ্ণ এই টেলিভিছন ক্ৰয়ৰ সময়ত গ্ৰাহকে দুবছৰলৈ বৰ্ধিত ৱাৰেণ্টিৰ সুবিধা পাব।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *