Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / এইচডিএফচি বেংকৰ তৃতীয় ত্ৰিমাসিকত ৩৩% বৃদ্ধিৰে ৭,৪১৬.৫ কোটি টকাৰ লাভ বৃদ্ধি

এইচডিএফচি বেংকৰ তৃতীয় ত্ৰিমাসিকত ৩৩% বৃদ্ধিৰে ৭,৪১৬.৫ কোটি টকাৰ লাভ বৃদ্ধি

 

ষ্টাফৰিপৰ্টাৰ,১৯ জানুৱাৰী।,,এইচডিএফচি বেংকে ৩১ ডিচেম্বৰ (২০১৯)ত সমাপ্ত হোৱা তৃতীয় ত্ৰিমাসিকত ৩২.৮% বৃদ্ধিৰে মুঠ ৭,৪১৬.৫ টকাৰ লাভ উপাৰ্জন কৰিছে। যি, বিগত বৰ্ষৰ তৃতীয় ত্ৰিমাসিক ৫,৫৮৫.৯ টকা আছিল। ৩১ ডিচেম্বৰ (২০১৯) পৰ্যন্ত বেলেঞ্চ শ্বীটত পঞ্জীভুক্ত হোৱা অনুসৰি পূৰ্বৰ ১,১৬৮,৫৫৬ কোটি টকাৰ বিপৰীতে ১৯.৪% বৃদ্ধিৰে ১,৩৯৫,৩৩৬ কোটি টকালৈ উত্তৰণ হৈছে। তদুপৰি এই তৃতীয় ত্ৰিমাসিকত মুঠ সুত উপাৰ্জন ১৪,১৭২.৯ কোটি টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে সুতৰ মাৰ্জিন ৪.২%তে সীমাবদ্ধ হৈ ৰয়। ইয়াৰ সৈতে বেংকৰ মুঠ ৰাজহ ৩১ ডিচেম্বৰ (২০১৯) পৰ্যন্ত ৯.১% বৃদ্ধিৰে ২০,৮৪২,.২ কোটি টকালৈ বৃদ্ধি হৈছে। আনহাতে বেংকৰ মূল ধনৰ পৰ্যাপ্ততা অনুপাত(চিএআৰ) বেছেল ৩ নিৰ্দেশনা অনুসৰি ৩১ ডিচেম্বৰ (২০১৯) পৰ্যন্ত ১৮.৫% আছিল। ৩১ ডিচেম্বৰ (২০১৮) পৰ্যন্ত ইয়াৰ পৰিমাণ আছিল ১৭.৩%। ৩১ ডিচেম্বৰ (২০১৯) পৰ্যন্ত বেংকৰ বিতৰণ নেটৱৰ্কত ২,৭৮৭ খন চহৰ বা নগৰত ৫,৩৪৫ টা বেংকিং আউটলেট আৰু ১৪, ৫৩৩ টা এটিএম/নগদ জমা আৰু ধন উলিওৱা মেচিন থকাৰ বিপৰীতে মুঠ বেংকিং আউটলেটৰ ৫২% ই নগৰৰ উপকন্ঠ অঞ্চল অথবা গ্ৰামাঞ্চলত স্থাপন কৰা হৈছে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *