Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / এইচডিএফচি বেংকৰ সহযোগিতাত ইণ্ডিগ’ৰ ‘কা -চিং’ ক্ৰেডিট কাৰ্ড মুকলি

এইচডিএফচি বেংকৰ সহযোগিতাত ইণ্ডিগ’ৰ ‘কা -চিং’ ক্ৰেডিট কাৰ্ড মুকলি

 

ষ্টাফৰিপৰ্টাৰ,,২৮ ফেব্ৰুৱাৰী।।।ভাৰতৰ অগ্ৰণী বিমান পৰিবহন সংস্থা ইণ্ডিগ’য়ে এইচডিএফচি বেংকৰ সহযোগিতাত তেওঁলোকৰ প্ৰথমখন ভ্ৰমণ ক্ৰেডিট কাৰ্ড “কা-চিং মুকলি কৰিলে। এই কাৰ্ড খন মাষ্টাৰ কাৰ্ডৰ সমৰ্থিত। ৬ই ৰিৱাৰ্ড আৰু ৬ই ৰিৱাৰ্ড এক্সএল শীৰ্ষক দুটা প্ৰকল্পত মুকলি হোৱা এই নতুন ক্ৰেডিট কাৰ্ডখনে বিভিন্ন সুবিধাৰ লগতে ঘৰুৱা আৰু আন্তৰ্জাতিক ভ্ৰমণত সমৃদ্ধ অভিজ্ঞতা প্ৰদান কৰিব। কাৰ্ডখন সক্ৰিয় হোৱাৰ পাছত গ্ৰাহকে কাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰি ১৫০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত এয়াৰ টিকট লাভ কৰিবলৈ সক্ষম হ’ব। তাৰোপৰি, গ্ৰাহকে ইণ্ডিগ’ লেনদেনত ৬ই ৰিৱাৰ্ডো সংগ্ৰহ কৰিবলৈ সমৰ্থ হ’ব। কা-চিং কাৰ্ডৰ জৰিয়তে গ্ৰাহকে ১৪ বিধ ভ্ৰমণ আৰু লাইফষ্টাইলৰ সুবিধা লাভ কৰিব পাৰিব। এই সুবিধা সমূহৰ ভিতৰত বিশেষ লাউঞ্জ এক্সেছ, বিশ্বৰ বিশেষজ্ঞ সকলৰ পৰা বিশেষ চিকিৎসা পৰামৰ্শ,ভাৰতৰ কিছুমান শীৰ্ষৰ গ’ল্ফ ক’ৰ্চসমূহত গ’ল্ফ খেলাৰ অভিজ্ঞতা আদি প্ৰধান। এই সন্দৰ্ভত ইণ্ডিগ’ৰ মুখ্য বাণিজ্যিক বিষয়া উইলিয়াম ব’ল্টাৰে কয়’-আমি ইণ্ডিগ’ৰ গ্ৰাহক সকলক উদ্বেগবিহীন তথা স্মৰণযোগ্য অভিজ্ঞতা প্ৰদান কৰিব বিচাৰোঁ। ‘কা-চিং’ৰ মুকলিৰে এই পদক্ষেপ অধিক সৱলীকৃত কৰিব। আমি আমাৰ গ্ৰাহকসকলক বিমানৰ টিকট ক্ৰয়, ডাইনিং, মনোৰঞ্জন আৰু অন্যান্য ব্যয়ত ৬ই ৰিৱাৰ্ড পইণ্ট প্ৰদান কৰিব পাই সুখী অনুভৱ কৰিছো”।আনহাতে কাৰ্ড খন মুকলি কৰি এইচডিএফচি বেংকৰ লেনদেন সমাধান আৰু বিপণন বিভাগৰ দেশীয় মুৰব্বী পৰাগ ৰাৱে ইণ্ডিগ’আৰু মাষ্টাৰ কাৰ্ডৰ দৰে অগ্ৰণী প্ৰতিষ্ঠানৰ সৈতে তেওঁলোকে গ্ৰাহকক উৎকৃষ্ট অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে মাষ্টাৰ কাৰ্ডৰ দক্ষিণ এছিয়াৰ শাখা অধ্যক্ষ পৌৰষ সিঙে ইণ্ডিগ’ আৰু এইচডিএফচি বেংকৰ সহযোগিতা লাভ কৰি আনন্দিত হোৱা বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

About Staff Reporter

চাব পাৰে

আন্ত:ৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ দ্বিতীয়খন বিপণী

  ষ্টাফৰিপৰ্টাৰ,,,,,৬ ,ফেব্ৰুৱাৰী।।। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন আৰু লাইফ ষ্টাইল ব্ৰেণ্ড মুমুছ’ৱে শুকুৰবাৰে ইয়াৰ গুৱাহাটীত ইয়াৰ দ্বিতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *