Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এইবাৰ গৰুচোৰৰ আক্ৰমণৰ বলি বিহুৱতী

এইবাৰ গৰুচোৰৰ আক্ৰমণৰ বলি বিহুৱতী

সন্দেহজনক গৰুচোৰে নিশা অাক্ৰমন কৰিলে বিহুৱতী দলক ।বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস,ফাষ্ট নিউজ ৰিপ’ৰ্ট ১৯এপ্ৰিল: সম্প্ৰতি গৰুচোৰৰ বাবে তেনেই সহজ লক্ষ্যত পৰিণত হৈ পৰা কামৰূপ জিলাৰ বাইহাটা চাৰিঅালি থানা এলেকাত যোৱানিশা সংঘটিত হল সন্দেহজনক গৰুচোৰৰ দ্বাৰা এটি বিহুৱতী দলৰ ওপৰত তাণ্ডৱ চলাই অাক্ৰমন কৰাৰ এক উদ্বেগজনক অাৰু ভয়ংকৰ ঘটনা । ইয়াক কেন্দ্ৰ কৰি যোৱানিশা ইয়াত সৃষ্টি হয় তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। ঘটনাৰ বিৱৰণী মতে বাইহাটা চাৰিঅালি থানাৰ দৰং জিলা সীমান্তৱৰ্তী বালিকুছিত যোৱানিশা এটি বিহুৱতী দলে নিশাৰ অাহাৰ যোগাৰ কৰি থকাৰ মাজতে বলেৰ পিকঅাপ ভানলৈ অহা দুই দুৰ্বৃত্তই নিশা ১১ মান বজাত বিহুৱতী দলৰ সদস্যাক শাৰীৰিকভাৱে অাক্ৰমণ কৰাৰ লগতে বস্ত্ৰও টনাটনি কৰি এগৰাকী বিহুৱতীৰ বস্ত্ৰ কাঢ়ি লয় ।এইলৈ চিঞৰ-বাখৰ হয় অাৰু স্থানীয় লোক ওলাই অহাত এই দুই দুৰ্বৃত্ত বলেৰসহ পলায়ন কৰে লগে লগে কেইগৰাকীমান যুৱকে অনুসৰণ কৰি খেদি যোৱাত প্ৰায় ৫ কিলোমিটাৰ দূৰৈৰ সেপকুছিত দুৰ্বৃত্ত কেইটাই বাহনখন ৰখাই থৈ অাতৰি যায় । অভিযোগমতে এই সময়ত সেপকুছিৰ হাচান অালী নামৰ লোক এজনে অনুসৰণ কৰি যোৱা যুৱকসকলক সহযোগ কৰাৰ পৰিৱৰ্তে নানন ধমক দি শাৰীৰিকভাৱেও অাক্ৰমন কৰে । অৱশ্যে এনে বাধা ওফৰাই অনুসৰণকাৰী যুৱকসকলে দুৰ্বৃত্তই ব্যৱহাৰ কৰা এ এচ-১৩চি ৭৪৯০ নম্বৰৰ বলেৰ বাহনখন জব্দ কৰি ঘটনাস্থলীৰ সমীপৰ সোণাৰীশাললৈ লৈ অাহে । ইপিনে ঘটনাৰ খৱৰ পাই ইয়াত উপস্থিত হোৱা অাৰক্ষীক বাহনখন তেওলোকে চমজাই দিয়ে ।এই বলেৰখন দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত ধূলাৰ বুলি জানিৱ পৰা গৈছে। অানহাতে অঞ্চলবাসীয়ে এই বাহন খন অাৰু দুৰ্বৃত্ত দুটা গৰুচুৰি চক্ৰৰে জড়িত থকাৰ লগতে হাচান অালী নামৰ ব্যক্ত গৰাকীৰ ভূমিকাও সন্দেহ অাৰু ৰহস্যজনক বুলি দাবী কৰিছে । একেদৰে বিহুৱতী দলটোৰ লগতে বিভিন্ন সংগঠন অাৰু অঞ্চলবাসীয়ে এই সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *