Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এইবাৰ লক্ষ্য হজৰত মহম্মদ ! ফেচবুকত অশ্লীল মন্তব্য

এইবাৰ লক্ষ্য হজৰত মহম্মদ ! ফেচবুকত অশ্লীল মন্তব্য

দৰঙৰ খাৰুপেটীয়াত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ ৰ বিৰুদ্ধে অশ্লীল ভাষাৰে মন্তব্য ছচিয়েল মিডিয়াত:থানাত এজাহাৰ দাখিল

যেন কিয়ামতৰ বেছি দিন আৰু নাই | পৃথিৱীখনত ধৰ্মৰ একোজন প্ৰবৰ্তক আৰু মহাপুৰষ আদিৰ বিৰুদ্ধে সময়ে সময়ে বহু নাস্তিকে বহু ধৰণৰ বিৰূপ তথা অশ্লীল মন্তব্য কৰি অহা দেখা গৈছে | আৰু তাৰ প্ৰতিফলো ভুগিছে তেওলোকে | শেষতীয়াকৈ এইখন অসমৰ দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ২ নং কুৱৰী পুখুৰী গাঁৱৰ ওমৰ আলীৰ পুত্ৰ মোজাদিুল ইছলাম নামৰ যুৱক এজনে ছচিয়েল মিডিয়া ফেচবুকত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছ:) ৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য ভাইৰেল হৈ পৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে | যুৱকজনে প্ৰথমে যোৱা ১২ এপ্ৰিলত ছচিয়েল মিডিয়াত হজৰত মহম্মদে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰস্ৰাৱৰ যোগ্য নহয় বুলি মন্তব্য কৰি তাৰ পিচত ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ তুচ্চ তাচ্ছিল্য মুলক তথা কটুক্তিৰে বহু পোষ্ট ছচিয়েল মিডিয়াত পোষ্ট কৰিছে | ঘটনাটো পোহৰলৈ অহাৰ পিচত তেওঁক সচেতন বাধা দিছিল এনে পোষ্ট নকৰিবলৈ কিন্তু যুৱকজনে সেই বাধা ভ্ৰুক্ষেপ কৰা নাই | ৰাইজে ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা যুৱক মোজাহিদুল ইছলামৰ {কোনো কোনো ঠাইত ফেচবুকত muzahidul eros লিখিছে তেওঁৰ নামৰ পিছত) নামত তিনি দিন পুৰ্বে খাৰুপেটীয়া আৰক্ষী থানাত এটি এজাহাৰ দাখিল কৰিছে ইত্তেহাদ ফ্ৰন্ট অসম নামৰ সংগঠনৰ ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামে | এজাহাৰত উল্লেখ কৰা মতে বিগত কিছুদিন আগতে যুৱকজনে মহাত্মা গান্ধীৰ সৈতে তুলনা কৰি বিতৰ্কিত মন্তব্য কৰিছিল | আৰু তাৰ পিছত বৰ্তমানো যুৱকজনে হজৰত মহম্মদ ৰ বিৰুদ্ধে বহু আপত্তিজনক, অশ্লীল তথা কটুক্তি কৰিছে ছচিয়েল মিডিয়াত |( কেচ নং161/19 /295IPC/67IT Act/2000 ধাৰা) তেওঁৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰিছে ইত্তেহাদ ফ্ৰন্ট অসম নামৰ সংগঠনটোৱে | উল্লেখ্য যে যুৱকজনে কৰা হজৰত মহম্মদক কৰা কটুক্তিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধৰ্মীয় সংগঠনৰ আলেম উলামা সকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰং জিলা সমিতিৰ লগতে সচেতন মহলে |
এই যুৱকজনৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা লবলৈ সংগঠনটোৰ লগতে ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে যদিও আৰক্ষীয়ে যুৱক জনক তিনিদিনৰ পিছতো আটক কৰিব পৰা নাই | জানিব পৰা মতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অৱ্যাহত ৰাখিছে | ইফালে জানিব পৰা মতে অঞ্চলটোত এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে |

দলগাঁওৰ পৰা ৰফিক তিলুকদাৰৰ প্ৰতিবেদন৷

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *