Monday , January 20 2020
শেহতীয়া খবৰ
Home / Uncategorized / এইবাৰ সাংবাদিক সংগঠনৰ প্ৰেছ বিবৃতি নকল কৰি চৰ্চাত অগপ

এইবাৰ সাংবাদিক সংগঠনৰ প্ৰেছ বিবৃতি নকল কৰি চৰ্চাত অগপ

এইবাৰ সাংবাদিক সংগঠনৰ প্ৰেছ বিবৃতি নকল কৰি চৰ্চাত অগপ

নিৰ্লজ্জ অসম গণ পৰিষদৰ নিকৃষ্ট কাণ্ড :
শব্দৰ অভাৱত “যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰেছ বিবৃত্তিকে হুবহু নকল ৷
সৰ্বত্ৰে সাংবাদিক সমাজৰ প্ৰতিক্ৰিয়া ৷৷

নিজা প্ৰতিবেদক ,২ ডিচেম্বৰ ডিব্ৰুগড় –যুৱ সাংবাদিক সকলৰ নেৰ্তৃত্বত গঠিত হোৱা ৰাজ্যৰ এটা অগ্ৰণী সাংবাদিক সংগঠন যুৱ সাংবাদিক সন্থা ,অসমে আগন্তক ২০২০ বৰ্ষৰ ৯ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ লোৱা সংগঠনটোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিবসৰ আৰু বিশেষ সম্বৰ্ধণা অনুষ্ঠানটোৰ সন্দৰ্ভত সংবাদ মাধ্যমলৈ একোখন প্ৰেছ বিবৃত্তি এৰি দিছিল ৷ কিন্তু উক্ত প্ৰেছ বিবৃত্তিটোকে অসম গণ পৰিষদে হুবহু নকল কৰি ছ’চিয়েল মেডিয়াত কালি অসম গণ পৰিষদৰ ব্যক্তিগত ফেচবুক পেইজত এৰি দিয়ে ৷ এই বিষয়টো যুৱ সাংবাদিক সন্থা ,অসমৰ নেতৃবৰ্গৰ দৃষ্টিগোচৰ হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে — জ্ঞান নেথাকিলে ৰাজনীতি কৰিব নেলাগে ,কিন্তু আনৰ সৃষ্টিৰাজি শব্দভাণ্ডাৰক হুবহু নকল কৰিব নেলাগে ৷৷ লগতে যুৱ সাংবাদিক সন্থা ,অসমৰ নেতৃবৰ্গই এইটো সকীয়নি প্ৰদান কৰি কয় যে -“যুৱ সাংবাদিক সন্থা ,অসমৰ যিকোনো সৃষ্টিৰাজিক যদি কোনো দুষ্ট চক্ৰই অনুমতি অবিহনে হুবহু নকল কৰে তেন্তে প্ৰয়োজনত সংগঠনটোৱ আইনৰো কাষ চাপিবলৈ বাধ্য হ’ব ৷৷

About Staff Reporter

চাব পাৰে

মাডাৰ বৃদ্ধাবাসত টিম ৰত্নাকৰ শুকুৰবাৰে মুক্তি লাভ কৰিব “ৰত্নাকৰ ,,,, মৰমৰ এক নতুন আখ্যান” চলচ্চিত্ৰ

ষ্টাফৰিপৰ্টাৰ, ৯ অক্টোবৰ, গুৱাহাটীৰ সিজুৱাৰীস্থিত মাডাৰ বৃদ্ধাবাসত বুধবাৰে টিম ৰত্নাকৰ উপস্থিত হয়। টিম ৰত্নাকৰৰে শুকুৰবাৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *