Monday , November 19 2018
শেহতীয়া খবৰ
Home / Uncategorized / একত্ৰ ভাৰত-চীন, পশ্চিমৰ বাবে বেয়া দিন

একত্ৰ ভাৰত-চীন, পশ্চিমৰ বাবে বেয়া দিন

অতীতে কৈছে ভৱিষ্যতকঃ ভাৰত-চীনে শাসন কৰিব বিশ্বক

 

দীপজ্যোতি ডেকাঃ বিশ্বৰ কূটনীতিত ভাৰত-চীন সম্পৰ্ক মানেই এক উত্তেজনা সৃষ্টিকাৰী বিষয়। দুখন বৈৰী ৰাষ্ট্ৰ, কিন্তু এতিয়া দুয়োখন দেশৰ নাগৰিকৰ মাজত সৃষ্টি হৈছে ধাৰণাৰ পৰিৱৰ্তন। এয়া ইতিবাচক খৱৰ। ভাৰত-চীনে পৰস্পৰৰ প্ৰতি বৈৰীভাৱ ত্যাগ কৰি একত্ৰ হোৱাটো দুয়ো দেশৰ নাগৰিকৰ বাবেই প্ৰয়োজন।

এখন দেশৰ নাগৰিকৰ সুখ-দুখ নিৰ্ভৰ কৰে অৰ্থনীতিৰ ওপৰত।ভাৰত-চীনৰ নাগৰিকো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়, অতীতলৈ ঙূৰি চালে প্ৰথম শতিকাত বিশ্বৰ অৰ্থনীতিক নিয়ন্ত্ৰণ কৰিছিল ভাৰত আৰু চীনে। The world Economy য়ে প্ৰকাশ কৰা নিৰিখ অনুসৰি প্ৰথম শতাব্দীত চীন আৰু ভাৰতে বিশ্বৰ ৫৯.১ শতাংশ জিডিপি দখল কৰিছিল। অৰ্থাৎ এই দুয়ো দেশক বাদ দিলে বিশ্বৰ বাকী দেশমূহৰ মুঠ ঘৰুৱা উৎপাদন বিশ্বৰ সৰ্বমুঠ উ°পাদনৰ মাঁথো ৪০ শতাংশহে আছিল। ১০০০ শতাব্দীত ভাৰত-চীনে বিশ্বৰ সৰ্বমুঠ ৫১.৬ শতাংশ জিডিপি দখল কৰি আছিল। এইক্ষেত্ৰত ভাৰতে ২৮.৯ শতাংশ আৰু চীনে২২.৭ শতাংশ অধিকাৰ কৰিছিল। ১৫০০ শতাব্দীত চীনে ২৫শতাংশ আৰু ভাৰতে ২৪.৫ শতাংশ অৰ্থা° দুয়ো দেশে লগ হৈ বিশ্বৰ ৪৯.৫ শতাংশ মুঠ ঘৰুৱা উ°পাদন কৰিছিল। ইয়াৰ পিছেত ১৮০০ চনৰ পিছৰ সময়ছোৱাত ইউৰোপত সৃষ্টি হোৱা শিল্প বিপ্লৱ তথা সাম্ৰাজ্যবাদী নীতিয়ে সমগ্ৰ বিশ্বকে গ্ৰাস কৰিবলৈ ধৰে আৰু দ্ৰুতগতিত নামি আহে ভাৰত-চীনৰ বিকাশধাৰা। ১৮২০-১৯১৩ চনৰ ভিতৰত ভাৰত জিডিপিয়ে দুখজনকভাৱে নামি আহে। সেই সময়ত ব্ৰিটেইনে ভাৰতৰ অধিকাংশ সম্পদ নিজ দেশলৈ লৈ যায় আৰু ভাৰত দেউলীয়া ৰাষ্ট্ৰত পৰিণত হয়।

আনফালে চীনেও পশ্চিমীয়া শক্তিৰ আগ্ৰাসনত এখন দৰিদ্ৰ ৰাষ্ট্ৰলৈ পৰিগণিত হয়। প্ৰথম শতাব্দীৰ বিশ্বৰ দুই চুপাৰ পাৱাৰ ৰাষ্ট্ৰ বিংশ শতিকাত বিশ্বৰ দৰিদ্ৰ ৰাষ্ট্ৰত পৰিণত হয়। অৱশ্যে বিংশ শতিকাৰ শেষলৈ চীনে পুনৰ স্বমহিমাৰে উন্নয়ণ কৰিবলৈ সক্ষম হৈছে। ভাৰতে একবিংশ শতিকাৰ প্ৰথমাৱস্থাৰ পৰা অৰ্থনীতিৰ ক্ষেত্ৰত কিছু আগবাঢ়িবলৈ সক্ষম হৈছে। এইকক্ষেত্ৰত দুয়ো দেশ বৰ্তমান বিশ্বৰ দ্ৰুত বিকাশশীল ৰাষ্ট্ৰত পৰিগণিত হৈছে। বৰ্তমান ২০১৮ চনৰ এই সময়লৈকে ভাৰতে বিশ্বৰ মুঠ ঘুৱা উ°পাদনৰ ৭.৭ শতাংশ আৰু চীনে্ ১৮.৭ শতাংশ হস্তগত কৰি আছে।

এতিয়া আহো আচল প্ৰসংগলৈ।ঐতিহাসিক দিশৰ এই পৰিসংখ্যাৰ পৰা আপুনি নিশ্চয় বুজিলে যে এদিন বিশ্ব অৰ্থনীতিৰ চুপাৰ পাৱাৰ ভাৰত-চীন কেনেদৰে পশ্চিমীয়া আগ্ৰাসনৰ ফলত দৰিদ্ৰতাৰ দিশে ধৱমান হৈছিল। এইক্ষেত্ৰত পশ্চিমীয়া ৰাষ্ট্ৰই সদায়েই ভাৰত-চীনৰ অৰ্থনৈতিক বিকাশক ৰুদ্ধ কৰিবলৈ ষড়য়ন্ত্ৰ চলাই গৈছে। বৰ্তমানো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰ অংশ হিচাপেই পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ভাৰত-চীনক বন্ধুৰাষ্ট্ৰ হোৱাৰ পৰা যিকোনো উপায়েৰে বাধা প্ৰদান কৰি আহিছে। ব্ৰিটিছে পৰিকল্পনাৰ ভিত্তিতেই কাল্পনিক মেকমোহন লাইন টানি ভাৰত-চীনক সীমাবিবাদদ লিপ্ত কৰাই ৰাখিছে। ভাৰত-চীন বৈৰী ৰাষ্ট্ৰ বুলি বিশ্বজুৰি আনকি ভাৰত-চীনৰ জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই আহিছে। বিভিন্ন অঞ্চলত ভাৰত-চীনৰ উৎপাদিত সামগ্ৰীৰ মাজত প্ৰতিদন্দিতা সৃষ্টি কৰি নিজৰ সামগ্ৰীৰ ব্যৱসায় চলাই আছে।  সামৰিক ক্ষেত্ৰতো ইখন দেশ সিখনৰ প্ৰতিদ্বন্দী বুলি প্ৰচাৰ কৰি দুই দেশৰ জনসাধাৰণৰ মাজত বিদ্বেষৰ ভাৱ জগাই তুলিছে।মুঠৰ ওপৰত ভাৰত-চীন একত্ৰ হব পৰা সকলো সম্ভাৱনা ক মষিমূৰ কৰিব বিচাৰি আছে।

পশ্চিমীয়া ৰাষ্ট্ৰৰ এই ষড়যন্ত্ৰৰ পৰা মুক্ত হোৱাৰ বাবে দুয়ো দেশৰ জনতা সাৱধান হোৱাৰ সময় সমাগত। এইক্ষেত্ৰত শেহতীয়াকৈ দুয়ো ৰাষ্ট্ৰৰ চৰকাৰৰ মাজত তৎপৰতা দেখা গৈছে শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ য়ুহানত চীনা ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰে অনানুষ্ঠানিক বৈঠকত মিলিত হৈছে। দুয়ো দেশৰ সম্পৰ্কৰ গূঢ়াৰ্থ বুজিয়েই চীনা ৰাষ্ট্ৰপতি জিনপিঙে সকলো প্ৰটকল ভংগ কৰি মোদীক নিজেই ৪৫ ছেকেণ্ড অপেক্ষা কৰি আগবঢ়াই নিছে। ২১ ছেকেণ্ড ধৰি দুয়ো ৰাষ্ট্ৰপ্ৰধানে হাত মিলাইছে। আনুষ্ঠানিক চুক্তি-পত্ৰৰ মিলনৰ বিপৰীতে অনানুষ্ঠানিক আন্তৰিক মিলনেৰে সম্পন্ন হৈছে মোদী-জিনপিঙৰ বৈঠক। সেয়ে দুয়ো দেশৰ বাবেই আদৰনীয়। কাৰণ অতীতৰ বিশ্ব অৰ্থনীতিৰ সম্ৰাটৰ আসনৰ পৰা উচ্ছেদিত হোৱা চীনৰ যি দুখ সেই একেই দুখ ভাৰতৰো। আজিও পশ্চিমীয়া বিশ্বৰ ষড়যন্ত্ৰৰ বলি যেনেদৰে ভাৰত একেদৰে চীনো। দুয়োখন সম্পদ-সামৰিক দিশত মহাশক্তি, চুবুৰীয়া অথচ ইমান দিনৰ বৈৰীতাৰ বাবেই বিশ্বক শাসন কৰাৰ পৰা বিৰত। সেয়েহে এই দুয়ো ৰাষ্ট্ৰ একত্ৰ হলে বিশ্বক হেলাৰঙে শাসন কৰিব পাৰিব দুয়ো দেশে। দুয়ো দেশৰ অৰ্থনৈতিক উন্নয়ণ মানেই নাগৰিকৰ সমৃদ্ধি। সেয়েহে পৰস্পৰৰ বৈৰীভাৱৰ পৰা মুক্ত হৈ ভাৰত আৰু চীনে একতাৰে এৰা আৰু ধৰাৰ মাজেৰে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰিব। সয়া সময়ৰ আহ্বান। সেয়া ভাৰত-চীনৰ নাগৰিকৰ আহ্বান।

About Staff Reporter

চাব পাৰে

নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি

  ষ্টাফৰিপৰ্টাৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিয়া হৈছে। দিল্লীৰ আৰক্ষী আয়ুক্তৰ ই-মেইলত এই …

One comment

  1. দুলাল কলিতা।

    বহুত সুন্দৰ লিখনি

Leave a Reply

Your email address will not be published. Required fields are marked *