Thursday , September 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / এক লাখ ভক্তৰ সমাগমেৰে সামৰণি হৰেকৃষ্ণ মুভমেণ্টৰ জন্মাষ্টমী উৎসৱৰ

এক লাখ ভক্তৰ সমাগমেৰে সামৰণি হৰেকৃষ্ণ মুভমেণ্টৰ জন্মাষ্টমী উৎসৱৰ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,২৫ আগষ্ট। ভৰলুমুখৰ সোণাৰাম খেলপথাৰত হৰেকৃষ্ণ মুভমেণ্টৰ উদ্যোগত ২২ আগষ্টৰ পৰা অনুষ্ঠিত শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ আজি সামৰণি পৰে। চাৰিদিনীয়াকৈ আয়োজিত এই মহোৎসৱৰ প্ৰতিদিনে শিক্ষৰ্থী সকলৰ মাজত আয়োজন কৰা হয় নানা প্ৰতিযোগিতা আৰু ঐতিহ্য মহোৎসৱ। জন্মাষ্টমীৰ সৈতে সংগতি ৰাখি শনিবাৰে দিনৰ ভাগত লাড্ডু গোপালৰ অভিষেক কৰোৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। আনহাতে, আজি শিক্ষাৰ্থী সকলৰ মাজত নৃত্য, ৰংগোলী আৰু শাস্ত্ৰীয় নৃত্য অনুষ্ঠিত হ’য়। উল্লেখযোগ্য যে, এই মহোৎসৱত উদ্যোক্তা সকলে অনুষ্ঠিত কৰিছে শ্রীল প্ৰভূপাদৰ পঞ্চাশ খনতকৈও অধিক আন্তৰাষ্ট্ৰীয় ভাষাৰ গ্ৰন্থৰ প্ৰদৰ্শনী। এই উপলক্ষে প্ৰতিদিনে সন্ধিয়া বৰ্ণাঢ্য সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সংস্কৃতিক অনুষ্ঠানত কল্পনা পাটোৱাৰীৰ লগতে কেইবাগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে। এই উৎসৱত এইবাৰ প্ৰায় একলাখ ভক্তৰ সমাগম হয় বুলি হৰেকৃষ্ণ মুভমেণ্ট গুৱাহাটীৰ উপসভাপতি বিজয় কৃষ্ণ দাসে জনায়।

About Staff Reporter

চাব পাৰে

মহানগৰীৰ ইন্‌ টাছ্‌ৰ ষ্টৰত আই ফোন-১১ৰ আগতীয়া বুকিং আৰম্ভণি

বুকিঙৰ জৰিয়তে পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাব গ্ৰাহকসকলে ষ্টাফৰিপৰ্টাৰ, ১৪ চেপ্তেম্বৰঃ মহানগৰীৰ গ্ৰাহক সকলৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *