Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এজনীয়া চিকিৎসকৰে চলি আছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ

এজনীয়া চিকিৎসকৰে চলি আছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ

এজনীয়া চিকিৎসকৰে চলি আছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ৷
প্ৰয়োজনীয় চিকিৎসকৰ অভাৱত সমস্যাত পৰিছে জনসাধাৰণ৷

জামুগুৰিহাটৰ পৰা জোন বৰা,৫ মে’:শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰায় দুকুৰিৰো অধিক গাওঁৰ ৰাইজৰ চিকিৎসা সেৱাৰ একমাত্ৰ চিকিৎসালয়খন হৈছে জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্ৰ৷জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজমজিয়াত অৱস্থিত এই চিকিৎসালয়খনত এতিয়া প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবে ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হৈছে৷অঞ্চলটোৰ পানপুৰ,হকমা,আমদৰা,লালেটাপু,গমীৰিপাল, মালবস্তী,পাচিগাওঁ,বৰভগীয়া,গোৱালগাওঁ, কোৱামৰা,মাজগাওঁ,পাতলৰচুক,উজৰাচুক, নন্দিকেশৰ,ডেকাচুক,খাদৈচুক, গোধমৰাচুক,সংগীয়া মাজৰ চুক,মাধৱ,চেচাসত্ৰকে ধৰি প্ৰায় দুকুৰিৰো অধিক গাওঁৰ ৰাইজৰ চিকিৎসাসেৱাৰ এই চিকিৎসালয়খন বৰ্তমান এজনীয়া চিকিৎকৰেই চলি থাকিব লগা হৈছে৷ দৈনিক প্ৰায় দুশৰো অধিক ৰোগীৰ সমাগম হোৱা চিকিৎলয়খনত বৰ্তমান এজন মাত্ৰ চিকিৎসকেই চোৱা চিতা কৰিব লগা হোৱাত বহু সময় ধৰি ৰোগী সকলে দীঘলীয়া শাৰীত থিয় হৈ থাকিব লগা হৈছে৷ যাৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত ৰোগী সকলে এক আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে৷জানিব পৰা মতে, চিকিৎসালয় খনত বৰ্তমান দুজন এলোপেথিক চিকিৎসকৰ লগতে এজন আয়ুৰ্বেদিক চিকিৎসক থাকিব লাগে যদিও বৰ্তমান এই তিনিওগৰাকী চিকিৎসকৰ অভাৱে দেখা দিছে চিকিৎসালয়খনত৷ বৰ্তমান এনএইচএমৰ অধীনত অতিৰিক্ত ভাৱে থকা ড° হৰেন শইকীয়া নামৰ চিকিৎসক জনেই চিকিৎসা সেৱা আগবঢ়াই আছে চিকিৎসালয়খনত৷ দৈনিক শ শ ৰোগীৰ সমাগম ঘটা চিকিৎসালয় খনত প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ বাবেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ জৰুৰীকালীন ৰোগীৰ চিকিৎসাৰ বাবে জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত এজন মাত্ৰ চিকিৎসক থকাৰ ফলত এই সেৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে দুৰ্ভগীয়া ৰোগী৷ জামুগুৰিহাটৰ দৰে এটি বৃহত্তৰ অঞ্চলৰ জন সাধাৰনৰ চিকিৎসা সেৱাৰ এই চিকিৎসালয়ত এতিয়া প্ৰয়োজনীয় চিকিৎসকৰ অভাৱৰ সমস্যাই সচেতন ৰাইজৰ লগতে সৰ্বসাধাৰন ৰাইজকো চিন্তিত কৰি তুলিছে৷স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে যাতে সমস্যাৰ সন্মুখীন নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত শীঘ্ৰেই প্ৰয়োজনীয় চিকিৎসকক নিযুক্তি দিবলৈ স্বাস্থ্য বিভাগৰ উদ্ধৰ্তন কতৃপক্ষক ৰাইজে দাবী জনাইছে৷
জোন বৰা ,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *