Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এটা চোৰে নাগুৰ নাঠনি কৰিলে জামুগুৰি,ইটাখোলা আৰু চতিয়া আৰক্ষীক

এটা চোৰে নাগুৰ নাঠনি কৰিলে জামুগুৰি,ইটাখোলা আৰু চতিয়া আৰক্ষীক

#এটা চোৰে নাগুৰ নাঠনি কৰিলে জামুগুৰি,ইটাখোলা আৰু চতিয়া আৰক্ষীক৷

ফাৰ্ষ্ট নিউজ, জামুগুৰিহত , ৭ নবেম্বৰ: এটা গৰু চোৰে কালি নিশা নাগুৰ নাঠনি কৰিলে আৰক্ষীক৷প্ৰায় চাৰি ঘন্টা ধৰি আৰক্ষী বাহিনীক জ্বলাকলা খুওৱা চোৰটো অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও চোৰকলৈ আৰক্ষীৰ এক দীঘলীয়া শ্বাসৰুদ্ধকাৰী পৰিস্থিতিয়ে আৰক্ষীৰ লগতে সাধাৰণ জনতাকো চিন্তিত কৰি তোলে৷এই ঘটনা কালি নিশা সংঘটিত হয় জামুগুৰিহাটৰ গেৰেকীচুকত৷মনকৰিবলগীয়া যে চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ইটাখোলা উপ আৰক্ষী চকীৰ আৰক্ষীয়ে কালি দিনৰ ভাগত ৰাইজৰ অভিযোগৰ ভিত্তিত অঞ্চলটোৰ বালিজান গাঁৱৰ উপেন বসুমতাৰী নামৰ গৰু চোৰটোক কৰায়ত্ত কৰে৷দিনৰ ভাগত চোৰটোক ইটাখোলা উপ আৰক্ষী চকীত ৰখাৰ পাছত সন্ধিয়াৰ ভাগত চোৰটোক ইটাখোলা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়লৈ লৈ আনে৷যিহেতু ইটাখোলা উপ আৰক্ষী চকীত আচামী ৰখাৰ লকআপ নাই সেয়েহে চোৰটোক ইটাখোলা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত চতিয়া আৰক্ষী থানালৈ লৈ অনাৰ ব্যৱস্থা কৰে যদিও চিকিৎসালয়ৰ পৰা চোৰটোক চতিয়ালৈ বুলি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আৰক্ষীয়ে আনি থকাৰ অৱস্থাত জামুগুৰিহাটৰ গেৰেকীচুকত হাতত হেণ্ডকাফ লগোৱা অৱস্থাতে চলন্ত গাড়ীৰ পৰা জাপ মাৰি অন্তৰ্ধান হয়৷ইয়াৰ পাছতেই আৰক্ষীৰ মাজত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়৷চলন্ত গাড়ীৰ পৰা চোৰটো পলোৱাৰ পিছত ইতিমধ্যে জামুগুৰি, ইটাখোলা আৰু চতিয়া থানাত ততাতৈয়াকে এই বিষয়ে অৱগত কৰোৱা হয়৷ইয়াৰ পিছতে উক্ত স্থানত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমুদৈ,চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজিৎ শৰ্মাৰ লগতে ইটাখোলা আৰক্ষী চকীৰ বিষয়া সকলেও স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ লোকৰ সহায়ত চোৰটোৰ বিচাৰ খোচাৰ কৰে৷প্ৰায় চাৰিঘন্টা ধৰি বিচাৰ খোচাৰ কৰাৰ অন্তত এডোখৰ জংঘলৰ মাজৰ পৰা চোৰটোক উলিয়াই আনিবলৈ সক্ষম হয়৷আৰক্ষীৰ হাতৰ পৰাই পলাইগৈ এটা সাধাৰণ চোৰে এইদৰে দীৰ্ঘসময় ধৰি আৰক্ষীক হাবুডাবু খুউৱা পৰিস্থিতিয়ে সাধাৰণ ৰাইজকো আমোদ দিয়ে৷
জোন বৰা,জামুগুৰিহাট।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *