Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / এন আৰ চিক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী

এন আৰ চিক লৈ উদ্ভৱ হ’ব পৰা পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী

অসম আৰক্ষী বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্যৰ মন্তৱ্যঃ অসমবাসীৰ প্ৰত্যাশিত এনআৰচিক যাতে হিন্দু নাগৰিকত্ব বিষয়ে বাধা প্ৰদান কৰিব নোৱাৰে ৰাইজে নজৰ ৰখা উচিত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ অসমত নিৰৱিচ্ছন্নভাৱে শক্তিশালী হ’বলৈ তৎপৰতা অব্যাহত ৰাখিছে একাংশ মৌলবাদী সংগঠন। অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাযই এই মন্তৱ্য কৰে। আজি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত মুখামুখি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট আৰক্ষী বিষয়াগৰাকীয়ে কয় যে অসম আন্দোলনৰ পূৰ্বে অসমত মোলবাদী সংগঠনৰ কোনো অস্তিত্ব দেখিবলৈ পোৱা নগৈছিল যদিও দেশ কঁপোৱা নেলী হত্যাকাণ্ৰ পিছৰে পৰা ৰাজ্যখনত মোলবাদী শক্তিসমূহে শিপাবলৈ আৰম্ভ কৰে। অৱশ্যে অসম আৰক্ষীৰ সতৰ্ক দৃষ্টিৰ বাবে মোলবাদী সংগঠনসমূহে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি তেঁও কয়। আনহাতে এন আৰচি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দভত তেঁও কয় যে ৰাজ্যবাসীৰ দীৰ্ঘদিনৰ স্বপ্নক দিঠকত পৰিণত কৰি অশেষ প্ৰচেষ্টাৰ ফলত হ’বলৈ ওলাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ। এইক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে যাতে আউল লগাব নোৱাৰে এইক্ষেত্ৰত ৰাইজে সজাগ হৈ থাকিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে তেঁও। অহা ৩০ জুনৰ এন আৰ চি তালিকা প্ৰকাশৰ পিছত ৰাজ্যত কোনো অস্থিৰতাৰ সৃষ্ট যাতে হ’ব নোৱাৰে সেইক্ষেত্ৰত অসম আৰক্ষীয়ে সতৰ্ক দৃষ্টি ৰাখিছে বুলি তেঁও মন্তৱ্য কৰি কয় যে এই সময়ছোৱাত চছিয়েল মিডিয়াত যাতে কোনো লোকে সাম্প্ৰদায়িক মন্তৱ্য কৰি অপচেষ্টাচলাব নোৱাৰে তাৰ বাবেও আৰক্ষীয়ে সতৰ্ক দৃষ্টি ৰাখিছে বুলি কয়। আনহাতে বৰ্তমান ৰাজ্যখনত চছিয়েল মিডিয়াই শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেঁও কয় যে চছিয়েল মিডিয়াৰ বেয়া দিশটোক পৰিহাৰ কৰি ভাল দিশটোক জনসাধাৰণে আকোৱালি লোৱা উচিত। অসম আৰক্ষীয়ে চছিয়েল মিডিয়াক নজৰত ৰখাৰ বাবে বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *