Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / এন আৰ চিত ভূৱা আপত্তিৰে সংখ্যালঘূ জনসাধাৰনক হাৰাশাস্তি

এন আৰ চিত ভূৱা আপত্তিৰে সংখ্যালঘূ জনসাধাৰনক হাৰাশাস্তি

এন আৰ চিত ভূৱা আপত্তিৰে সংখ্যালঘূ জনসাধাৰনক হাৰাশাস্তি :- ৰাজ্যিক সমন্বয়ক বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্মাৰক পত্ৰ প্ৰেৰণ
আব্দুলবাৰেক , বিশ্বনাথ চাৰিআলি , ১৪মে:- মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত শেহতীয়াকৈ আপত্তিৰ ক্ষেত্ৰত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূক একাংশ দুষ্ট চক্ৰই যধে-মধে এন আৰ চিৰ আপত্তি দাখিল কৰি এন আৰ চিৰ কাম কাজত বাধা দিয়াৰ লগতে সৰ্ব সাধাৰণ ৰাইজক শাৰিৰীক, মানসিক আৰু আৰ্থিক ভাৱে হাৰাশাস্থি কৰাৰ অভিযোগ তুলি আজি ৰাজ্যজুৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা উপায়ুক্তৰ জৰিয়তে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰন কৰে।সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা সমিতিয়ে আজি জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যিক সমন্বয়কলৈ পত্ৰ প্ৰেৰন কৰে। জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰন সম্পাদক নাজিৰ আহমেদ , মুখ্য সাংগঠনিক সম্পাদক জমিল হকৰ স্বাক্ষৰিত দাবি সম্বলিত স্মাৰক পত্ৰ খন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপসভাপতি আব্দুল মোনাফ চৌধুৰী, আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰদান কৰা হয় । আপত্তিৰ ক্ষেত্ৰত আপত্তি কাৰী সকলৰ পৰিচয়, ঠিকনা, এন এছ কে সেৱা কেন্দ্ৰ , মোবাইল নম্বৰ আদি গোপনে ৰাখি লাখ লাখ আপত্তি দাখিল কৰি শুনানীৰ সময়ত উপস্থিত নথকাটো এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে সংগ্ৰাম পৰিষদে। ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা যিসকল সন্দেহ জনক লোকে NRCত নাম অন্তৰ্ভুক্ত কৰিবলৈ আৱেদন কৰিছে তেনে লোক সকলৰ ক্ষেত্ৰত আপত্তি কৰা বিষয় সন্দৰ্ভত সংগ্ৰাম পৰিষদৰ একো কবলগীয়া নাই, কিন্তু যধে মধে বৈধ ভাৰতীয় নাগৰিকৰ নামত আপত্তি কৰি বিশেষকৈ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোক সকলকহাৰাশাস্তি কৰি এচাম দুষ্ট চক্ৰই উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা NRCৰ কাম কাজ সমূহ স্থবিৰ কৰাৰ চেষ্টা চলাই আছে বুলি উল্লেখ কৰে সংগঠনটোৱে। আন হাতে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন শুদ্ধ, নিকা আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ NRC ত প্ৰকাশ কৰিবলৈ আহ্বান জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *