Sunday , December 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / এন ই ফ’কাচৰ কাৰ্য্যালয় আৰু ষ্টুডিঅ’ মুকলি

এন ই ফ’কাচৰ কাৰ্য্যালয় আৰু ষ্টুডিঅ’ মুকলি

 

ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ : “বৰ্তমান সময়ত সংবাদ মাধ্যমৰ আত্ম বিশ্লেষনৰ প্রয়োজনীয়তা আহি পৰিছে ক্য়িনো আজি কালি একাংশ সংবাদ মাধ্যমে সংবাদৰ সত্যতা পৰ্যবেক্ষণ নকৰাকৈ সংবাদ পৰিবেশন কৰি আহিছে | মানুহে নাচাই বুলি মই নেতিবাচক অথবা মছলাদায়ক খবৰ দিয়াটো উচিত নহয়, এই মন্তব্য বিশিষ্ট সাংবাদিক ,লেখিকা মাইনী মহন্তৰ | বুধবাৰে মহানগৰী নয়নপুৰস্থিত এন ই ফ’কাচৰ কাৰ্য্যালয় আৰু ষ্টুডিঅ’ শুভ উদ্বোধন কৰি সাংবাদিক গৰাকীয়ে লগতে কয় ” সংগীতা শইকীয়াই এন ই ফ’কাচ ডট কমৰ জৰিয়তে যি প্রচেষ্টা হাতত লৈছে মই মহিলা হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ | মই এই মাধ্যমৰ ভৱিষ্যত আছে বুলি ভাবো| আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অধিবক্তা,সাংবাদিক দিপক শৰ্মাই কয় ” যদিও এটা অনুষ্ঠান হঠাতে গঢ় বা সফল হৈ নুঠে হতাশ নহৈ ধৈৰ্য্য আৰু একাগ্ৰতাৰে আগবঢ়ি যোৱা উচিত| ” জ্যেষ্ঠ সাংবাদিক বনদীপ গোস্বামী শুভেচ্চা জনাই কয় ” দীৰ্ঘদিন ধৰি মই এন ই ফ’কাচ ডট কমৰ বাতৰি পঢ়ি খুবেই আপ্লুত হৈছো কিয়নো ইয়াত তথ্য সমৃদ্ধ আৰু ইতিবাচক খবৰ প্রকাশ পায়|’ উল্লেখযোগ্য যে এন ই ফ’কাচ ৰ কিছুমান বাতৰি অচিৰেই ইউ টিউৱ চেনেল যোগে সম্প্ৰচাৰিত হ’ব | অনুষ্ঠানত এনআৰ এলৰ প্রচাৰ সম্বন্বয়ক মধুচন্দা অধিকাৰী, জ্যেষ্ঠ সাংবাদিক অমল গুপ্তা লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *