Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / এমাজনৰ “হৰ পল ফেশ্যনেবল” শীর্ষক এক নতুন অভিযান

এমাজনৰ “হৰ পল ফেশ্যনেবল” শীর্ষক এক নতুন অভিযান

 

ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : “গুৱাহাটীত পোন প্ৰথম বাৰৰ বাবে ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত হোৱাটো এক ভাল খবৰ । এই এৱাৰ্ডৰ সহযোগী হ’বলৈ পাই আমি সুখী –এইদৰে কয় এমাজন ইণ্ডিয়াৰ উপাধ্যক্ষ মনীষ তিয়াৰীয়ে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেল যোগে তেওঁ লগতে এমাজনৰ ব্যৱসায়িক সম্প্ৰসাণৰ কথা উল্লেখ কৰি লগতে কয় ” অসমৰ গ্ৰাহক সকলৰ বাবে এমাজন ডট ইনে আজিৰে পৰা “হৰ পল ফেশ্যনেবল” শীর্ষক এক নতুন বাণিজ্যিক অভিযানৰ পাতনি মেলিছোঁ। য’ত গ্ৰাহক সকলৰ বাবে তথা সকলো সময়তে প্ৰাসংগিক উৎপাদন লাভ কৰিব। অসমত এমাজনৰ ফেশ্যনৰ শাখা অন্যতম জনপ্ৰিয় হিচাপে পৰিগণিত হৈছে। ইয়াত গ্ৰাহকে সামগ্ৰী অৰ্ডাৰ দিলে দুদিনৰ ভিতৰতে ডেলিভাৰী দিয়া হ’ব। তদুপৰি এমাজনৰ শাখা গুৱাহাটীত হৈ উঠাৰ ফলত এমাজনত এতিয়াৰ পৰা গ্ৰাহকে অসমৰ ফুলাম গামোচা আৰু জাপিৰ লগতে অসমীয়া পৰম্পৰাগত মেখেলা চাদৰ আদি ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব পৰা সহজ হৈ পৰিছে।”

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *