Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / এলেনৰ ২০ গৰাকী শিক্ষাৰ্থী য়ে এন টি এছ ই ষ্টেজ ২ পৰীক্ষা অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা অর্জন

এলেনৰ ২০ গৰাকী শিক্ষাৰ্থী য়ে এন টি এছ ই ষ্টেজ ২ পৰীক্ষা অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা অর্জন

 

ষ্টাফৰিপোৰ্টাৰ , ২৭ ফেব্ৰুৱাৰী : মাধ্যমিক শিক্ষা নিৰ্দেশালয় গুৱাহাটীৰ এন টি এছ ই ষ্টেজ ১ অসমৰ ফলাফল ঘোষণা কৰা হৈছে। য’ত এলেন কেৰিয়াৰ ইনষ্টিটিউট গুৱাহাটীৰ শিক্ষাৰ্থী সকলে প্ৰশংসণীয় ফলাফল লাভ কৰে।
এলেন গুৱাহাটীৰ ২০ গৰাকী শিক্ষাৰ্থীয়ে এন টি এছ ই ষ্টেজ ২ ৰ বাবে অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা অর্জন কৰিছে। এই সম্পৰ্কে এলেন কেৰিয়াৰ ইনষ্টিটিউট গুৱাহাটীৰ কেন্দ্ৰ মূৰব্বী ব্ৰজেশ কুমাৰ যাদৱে এক বিবৃতি যোগে কয় ”
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভা সন্ধানী পৰীক্ষাত আমাৰ শিক্ষাৰ্থী সকলে উন্নত মানৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। শীৰ্ষ দহ গৰাকীৰ বিদ্যাৰ্থীৰ ভিতৰত এলেন গুৱাহাটীৰ ৩ গৰাকী, ৮ গৰাকীয়ে শীৰ্ষ ৫০ ৰ ভিতৰত আৰু ১৬ গৰাকীয়ে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মুঠতে এলেন গুৱাহাটীৰ ২০ গৰাকী শিক্ষাৰ্থীয়ে এন টি এছ ই ষ্টেজ ২ ত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা লাভ কৰিছে।” উল্লেখ এন টি এছ ই পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত কেন্দ্ৰীয় মানৱ সংশাধন মন্ত্রালয়ৰ তৰফৰ পৰা প্ৰতিমাহে ১২৫০ টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপাণি আৰু প্ৰতিমাহে ২০০০ টকা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে জলপাণি আগবঢ়োৱা হ’ব।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *