ষ্টাফ ৰিপোৰ্টাৰ।।।।,,,,, ৬ ডিচেম্বৰ।।। ভাৰতৰ যান বাহন নিৰ্মাণৰ প্ৰতিষ্ঠান এচিএমএ য়ে অনুষ্ঠিত কৰিব ওলাইছে উত্তৰপূৰ্বাঞ্চলত তৃতীয় বাৰৰ বাবে আফটাৰ মাৰ্কেট মেলা। চলিত মাহৰ ১৪ আৰু ১৫ ডিচেম্বৰত ভাৰত চৰকাৰৰ বৃহৎ উদ্যোগ তথা সাৰ্বজনীন মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এই মেলা অনুষ্ঠিত কৰা হব। এই উপলক্ষে গুৱাহাটীৰ ইণ্ডিয়া ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে এচিএমএৰ মুখ্য সঞ্চালক ভিন্নি মেহতাই। তেঁও কয় “আমি এই মেলাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সৈতে চুবুৰীয়া ৰাজ্যৰ লগত সংযোগ কৰাৰ উদ্দেশ্যে নতুন ঘাইপথ নিৰ্মাণৰ বাবে অগ্ৰসৰ হব পাৰিম।গুৱাহাটী, শিলছৰ, তিনিচুকীয়া, তেজপুৰ, শ্বিলং, কহিমা,আদিকে ধৰি ১৫৫টা অট’,মবাইল ডিলাৰ ২০০০টা গাড়ীৰ যন্ত্ৰ বিক্ৰীৰ প্ৰতিষ্ঠান আৰু ১৮০০০ টা পুনঃনিৰ্মান গেৰেজ আছে। উল্লেখযোগ্য যে এই মেলাখনত এইবাৰ ব্ৰেক ক্লাটছ , পিষ্টন, টায়াৰ আদিকে ধৰি কেইবাটাও সামগ্ৰী প্ৰদৰ্শিত কৰা হব। আজিৰ এই সংবাদমেলত উপস্থিত থাকে জি এম টি এৰ সভাপতি ৰতন গোৱেল।