Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ঐতিহাসিক দেৱী দ’লত ২৮৬ তম দূৰ্গা পূজা

ঐতিহাসিক দেৱী দ’লত ২৮৬ তম দূৰ্গা পূজা

ঐতিহাসিক দেৱী দ’লত ২৮৬ তম দূৰ্গা পূজা: মহাষ্টমীত ছাগলী -হাঁহ বলি দিয়াৰ নামত দাম নিৰ্ধাৰনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া: দ’ল উন্নয়ন সমিতিয়ে ক’লে— এয়া ভুল কাম: ভক্তৰ ধৰ্মীয় বিশ্বাসক ধন ঘটাৰ আহিলা কৰাত ক্ষুন্ন ভক্ত

ফাৰ্ষ্ট নিউজ , শিৱসাগ ,৬ অক্টোবৰ : বৰৰজা অম্বিকাই ১৭৩১- ১৭৩৩ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা ঐতিহাসিক দেৱী দ’লত এই বছৰো ২৮৬ তম দূৰ্গা পূজা অনুষ্ঠিত হয় ৷ জাকজমকীয়া পৰিৱেশৰ পৰিৱৰ্তে সম্পূৰ্ণ আধ্যাত্মিক ভাৱে দেবী দূৰ্গাক আৰাধনা কৰে ভক্তপ্ৰাণ ৰাইজে ৷ আজি মহাষ্টমী উপলক্ষে পুৱাৰ পৰাই ভক্তৰ লানি নিছিগা সোঁত বয় দেবী দ’ললৈ ৷ মনোকামনা পূৰণৰ লগতে দেৱীক সন্তুষ্ট কৰিবলৈ দূৰ-দূৰনিৰ ভক্তপ্ৰাণ ৰাইজে হাতে হাতে হাঁহ-ছাগলী লৈ দেৱীক পূজা আগবঢ়াৱলৈ কাহিলী পুৱাৰ পৰাই ভীৰ কৰেহি ঐতিহাসিক দ’লটোত ৷
ইফালে ঐতিহাসিক দেৱী দ’লত ভক্তপ্ৰাণ ৰাইজে বলি আগবঢ়াবলৈ আহি বলি দিয়াৰ নামত কৰ্তৃপক্ষই এটা ছাগলীৰ বিনিময়ত ১২০ টকা আৰু এটা হাঁহৰ বিনিময়ত ৭০ টকা ধন লোৱাক কেন্দ্ৰ কৰি ক্ষুন্ন হৈ পৰে বহুকেইজন ভক্ত ৷ ভক্ত সকলে এইদৰে ধৰ্মীয় বিশ্বাসত বলিৰ বিনিময়ত দাম – দৰ বান্ধি দিয়া কাৰ্য গৰ্হীত তথা ধৰ্মী পন্থাক ব্যৱসায়লৈ পৰ্য্যৱেক্ষিত কৰা বুলি মন্তব্য কৰাৰ লগতে এনে কাৰ্য বন্ধ কৰাৰ পোষকতা কৰে |
উল্লেখ্য যে দেবী দ’লত ভক্তই বলি হিচাপে আগবঢ়োৱা ছাগলী আৰু হাঁহ বলি দিয়াৰ বিনিময়ত ১২০ টকা আৰু ৭০ টকা বান্ধি দিয়া কাৰ্য দ’ল উন্নয়ন সমিতি আৰু দেৱী দ’ল পূজা উদযাপন সমিতিয়ে নাজানে বুলি স্পষ্ট কৰি দিয়া কথাটো ভক্তপ্ৰাণ ৰাইজৰ তাক বিশ্বাসক লৈছে যদিও কাৰ অনুমতি বা নিৰ্দেশত এইদৰে ধন সংগ্ৰহ কৰাৰ দৰে গৰ্হীত তথা অবৈধ কাৰ্য কৰিব পাৰিছে ইও এক ৰহস্য বিষয়ত পৰিণত হৈছে | আৰু এনেদৰে বলিৰ বিনিময়ত কটা লোৱাৰ কোনো ধৰা বন্ধা নীতি -নিয়ম নাই যদি এনে কাৰ্য অতিশীঘ্ৰে বন্ধ কৰিব লাগে বুলি দাবী কৰে | এনে দাবীৰ প্ৰতি সহাৰি জনায় বলিৰ বাবদ দাম লোৱা কাৰ্য শীৰ্ঘে বন্ধ কৰি দিয়া হব বুলি দ’ল উন্নয়ন সমিতিয়ে জানিবলৈ দিছে ৷
আনহাতে বলি দিয়াৰ নামত ১২০ আৰু ৭০ টকা সংগ্ৰহৰ বিষয়টো দুয়োখন সমিতিয়ে অস্বীকাৰ কৰিলেও এটা ছাগলীৰ নামত ১০০ টকা আৰু এটা হাঁহ বলি দিয়াৰ নামত ৫০ টকা বলিৰ বিনিময়ত সংগ্ৰহ কৰা হয় বুলি ইতিমধ্যে স্বীকাৰো কৰিছে ধন সংগ্ৰহকাৰীয়ে | সম্প্ৰতি ঐতিহাসিক দেবী দ’লৰ বলিৰ বিনিময়ত দাম নিৰ্ধাৰণ কৰি দিয়াক কেন্দ্ৰ কৰি এতিয়া ভক্তপ্ৰাণ ৰাইজৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ভক্তৰ ধৰ্মীয় বিশ্বাসক এইদৰে ধন ঘটাৰ পন্থা লোৱা প্ৰক্ৰিয়াক কিদৰে বন্ধ হয় বা দ’ল উন্নয়ন সমিতিয়ে এই ব্যৱস্থা কি ৰূপে বন্ধ কৰিব বা বন্ধা কৰাৰ কি পদক্ষেপ লয়, সেয়াও হব লক্ষণীয় ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *