Thursday , April 2 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ঐতিহাসিক পটভূমিত ব্যতিক্ৰমী ৰূপত অচিৰেই মুক্তি লাভ কৰিব অসমীয়া বোলছবি “কমলাকুঁৱৰী

ঐতিহাসিক পটভূমিত ব্যতিক্ৰমী ৰূপত অচিৰেই মুক্তি লাভ কৰিব অসমীয়া বোলছবি “কমলাকুঁৱৰী

নাট্য মঞ্চৰ পৰা ৰূপালী পৰ্দালৈ ৰূপালী যাত্ৰা..ঃ
ঐতিহাসিক পটভূমিত ব্যতিক্ৰমী ৰূপত অচিৰেই মুক্তি লাভ কৰিব অসমীয়া বোলছবি “কমলাকুঁৱৰী”
————————————–
গোলাঘাট, ১৩ ফেব্ৰুৱাৰীঃ অসমৰ নাট্য জগতখনৰ এক পৰিচিত নাম “কমলাকুঁৱৰী” । ৰাজ্যখনৰ লগতে বৰ্হিঃ ৰাজ্য আৰু শেহতীয়াভাৱে বিদেশৰ বুকুতোঐতিহাসিক নাটকখন প্ৰদৰ্শিত হৈ সমাদৃত হৈছে । বিশিষ্ট লেখক,শিক্ষাবিদ নাট্যকাৰ ড° পৰমানন্দ ৰাজবংশীয়ে অসমৰ ঐতিহ্য, পৰম্পৰাৰ আধাৰত ৰচনা কৰা এই মঞ্চ সফল নাটকখনে ইতিমধ্যে স-গৌৰৱেৰে গৰকিলে সূদীৰ্ঘ ২৫ টা বছৰ । নাটকখনে স-গৌৰৱেৰে ২৫ টা বছৰ গৰকাৰ শুভ মুহূৰ্তত মঞ্চৰ পৰা এইবাৰ ৰূপালী পৰ্দাৰ জয় যাত্ৰাৰ বাবে সাজু হৈছে । অসমৰ ঐতিহাসিক পটভূমিত সংগীত, চিত্ৰনাট্য ,সাৱলীল অভিনয়,ব্যতিক্ৰমী পৰিকল্পনাৰ মেটমৰা সফুৰা লৈ অচিৰেই মুক্তি লাভ কৰিব অসমীয়া বোলছবি “কমলাকুঁৱৰী” । ডo পৰমানন্দ ৰাজবংশীৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ, স্বপ্নালী বৰগোহাঁইৰ প্ৰয়োজনা , জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাৰ সংগীতেৰে ইতিমধ্যে অসমীয়া বোলছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাচত যাৱতীয় ‘চেঞ্চৰ’ লাভ কৰিছে । নাৰী কেন্দ্ৰীক মূল পটভূমিৰে কমলাকুঁৱৰী এচ.বি. মুভিজৰ অসমীয়া বোলছবি জগতখনত নৱতম আৰু এক ব্যতিক্ৰমী সংযোজন । বোলছবিখনৰ প্ৰচাৰৰ দায়িত্বত থকা দিগন্ত কুমাৰ ভূঞাই এক বিবৃতিযোগে প্ৰকাশ মতে অসমীয়া নতুন বছৰ আৰু বহাগ বিহুৰ সময়তে “কমলাকুঁৱৰী”ৰ শুভ মুক্তিৰ বাবে প্ৰয়াস কৰা হৈছে । বিহুৰ বতৰত অসমবাসীয়ে ৰূপালী পৰ্দাৰ গাম্ভীৰ্যপূৰ্ণ পটভূমিত এক নতুন স্বাদেৰে অসমৰ প্ৰায়বোৰ চিত্ৰ গৃহতে চাবলৈ পাব । বোলছবিখন আসমবাসীয়ে আদৰি লব বুলি প্ৰযোজক স্বপ্নালী বৰগোহাঁয়ে আশা প্ৰকাশ কৰাৰ লগতে এই নৱতম প্ৰয়াসৰ বাটত সকলোৰে আৰ্শীবাদ বিচাৰিছে ।

About Staff Reporter

চাব পাৰে

ঘগ্ৰাপাৰত ১০০ জন দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ আমছুৰ

নলবাৰী জিলা সমিতি আমছু’ৰ অন্তৰ্গত গড় গড়ী শাখা সমিতি’আমছু’ৰ প্ৰসংগনীয় পদক্ষেপ। ————————————— নলবাৰী জিলাৰ ঘগ্ৰাপাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *