Wednesday , January 22 2020
শেহতীয়া খবৰ
Home / Videos / ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সমীপত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সমীপত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

User Rating: Be the first one !

২৬ মাৰ্চ গোলাঘাট : হাজাৰোৰ্ধ ৰাইজৰ উপস্থিতিত আজি গোলাঘাটৰ তৰফাট আহোম গাঁৱৰ ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সন্মুখত কলীয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বৰ্তমানৰ চৰকাৰক বিশ্বাস ঘাটক চৰকাৰ আখ্যা দি নিৰ্বাচনী প্ৰচাৰ চলায়। পদুমনি ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাখনিত সাংসদ গৰাকীয়ে ১৬ মে’ৰ পাছত ৰাজ্যত এজনো বিদেশী নাথাকিব বুলি প্ৰতিশ্ৰুতি দি এক কথাত অসমীয়া জাতিক কৰা প্ৰতাৰণাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। কথা দি কথা ৰাখিব নোৱাৰা এই চৰকাৰক এককথাত বি জে পি ৰ ঠাইত ভাৰতীয় বিশ্বাস ঘাটক পাৰ্টী বুলিহে মন্তব্য কৰে। আনহে নালাগে আজিলৈকে এজনো বিদেশী খেদিবলৈ সক্ষম নোহোৱা চৰকাৰ খনে আজিৰ তাৰিখত বিদেশী আগমনৰ বাবে ৰঙা দলিচা পাৰি দিয়া বুলিও কটাক্ষ কৰে। তীব্ৰ ভাষাৰে সমালোচনা কৰি সাংসদ গৰাকীয়ে ৰাফেল কেলেংকাৰীৰ দৰে দেশৰ অন্যতম বিয়াগোম কেলেংকাৰীত জড়িত এই চৰকাৰ কেৱল ধনী মানুহৰ চৰকাৰ
বুলি কোৱাৰ লগতে দুখীয়া ৰ চৰকাৰ নহ’য় আৰু দুখীয়াৰ হিতৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আনে। কেৱল দেশৰ ডাঙৰ ডাঙৰ ব্যৱসায়ী সকলক কোটি কোটি টকা ঋণ দি, ঋণ পৰিশোধ নকৰি একপ্ৰকাৰ অৰ্থনৈতিক দিশত দেশখনক বহুদূৰ পিছুৱাই নিয়া বুলিহে উল্লেখ কৰে। আজিৰ এই নিৰ্বাচনী সভাত যুৱ সাংসদ জনক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছ কমিটী অসম ৰ সভাপতি ৰিপুন বৰা, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে।

About Staff Reporter

চাব পাৰে

কে এল অৰ সৈতেও আলোচনাত বহিবলৈ কেন্দ্ৰক দাৱী কোঁচ ৰাজবংশী জাতীয় মহাসভাৰ

বিজনী ২১ জানুৱাৰীঃ শেহতীয়াকৈ এনডিএফবি(ছ)য়ে আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰে কৰা যুদ্ধবিৰতিক চুক্তিক …

Leave a Reply

Your email address will not be published. Required fields are marked *