Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু

ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু

ওদালগুৰিত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। ওদালগুৰিৰ ডিমাকুছিত বন্যহস্তীৰ কৰুণ মৃত্যু :
——————————————-
ডিমাকুছি , ৮ অক্টোবৰ :–

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও হাতী মানুহৰ সংঘাতে অব্যাহত আছে। বিশেষকৈ ওদালগুৰিত এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে হাতী মানুহৰ সংঘাতে । ওদালগুৰি জিলাৰ ননৈ বনাঞ্চলৰ অন্তৰ্গত ১ নং ভোলাটাৰত পুৱতি নিশা এটা প্ৰকাণ্ড বন্য হস্তীৰ কৰুণ মৃত্যুৱে ডিমাকুছি অঞ্চলত শোকৰ ছাঁ বিয়পাই । ননৈ বনাঞ্চলৰ অন্তৰ্গত অসম-ভূটান সীমান্তৱৰ্তী ১নং ভোলাটাৰত এখন খেতি পথাৰত বন্যহস্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাতিপুৱা স্থানীয় লোকে বন বিভাগক অৱগত কৰে । ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বিশেষকৈ ডিমাকুছি, ৰজাগড় , টাংকীবস্তী, ভোলাটাৰ , বামুণজুলি, কালিখোলা, গৰুৱাঝাৰ , কালিখোলা, ভুটিয়াচাং, পানেৰী, নালাপাৰা, ধৰমজুলি ,আটাৰীখাট , নাওবান্ধাকে ধৰি বৃহত্তৰ অঞ্চল সমূহত বহুদিন ধৰি লাডেন নামেৰে পৰিচিত এই বনৰীয়া হাতীটোৱে তাণ্ডৱ চলাই আহিছিল , এই বৰ্ষতে প্ৰায় ২৫ জনৰো অধিক লোকে অকালতে প্ৰাণ হেৰুৱাইছে । ইমান দিনে উপদ্ৰৱ চলাই অহা লাডেন নামেৰে পৰিচিত বন্যহস্তীৰ মৃতদেহ আজি ভোলাটাৰৰ খেতিপথাৰত উদ্ধাৰ হ’য় ৷ কি পৰিস্থিতিত কেনেকৈ কি কাৰণত বন্যহস্তীৰ মৃত্যু হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজে ৰাতিপুৱা বন্যহস্তীৰ মৃতদেহ দেখা পাই ধূপধূনা দিয়াৰ লগতে সেৱা জনায় ৷ পিছত বন বিভাগে চিকিৎসক আনি মৃত হাতীটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে । স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে জানিবলৈ দিয়া মতে অসম চৰকাৰ তথা বিটিচি চৰকাৰ বনবিভাগৰ গাফিলতিৰ বাবে ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতত কেতিয়াবা বন্যহস্তীৰ মৃত্যু হ’য় আৰু কেতিয়াবা বন্যহস্তীৰ আক্ৰমণত নিহত হ’ব লগীয়া হৈছে নিৰিহ লোকে , কিন্তু তথাপিও কাণসাৰ নাই কুম্ভকৰ্ণ নিদ্ৰাত পৰি থকা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ । পৰৱৰ্তী সময়ত এই ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষয় কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেইটোহে এক লক্ষণীয় বিষয় হৈ পৰিব ।
———————————————
ডিমাকুছি ৰ পৰা,
পিংকু কলিতা ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *