Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ওদালগুৰি জিলাত বিশ্ব জনসংখ্যা পষেকৰ শুভাৰম্ভ

ওদালগুৰি জিলাত বিশ্ব জনসংখ্যা পষেকৰ শুভাৰম্ভ

ষ্টাফ ৰিপ’ৰ্টাৰ : আন আন জিলাৰ লগতে ওদালগুৰি জিলাতো আৰম্ভ হল বিশ্ব জনসংখ্যা পষেক। ১১ জুলাই বিশ্ব জনসংখ্যা দিৱসৰ দিনা আৰম্ভ হোৱা এই পষেক অহা ২৪ জুলাইত অন্ত পৰিব। পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বিগত বৰ্ষৰ দৰে এইবাৰো এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ওদালগুৰিতো জিলা অসামৰিক হাস্পাতাল চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত জিলা স্বাস্থ সমিতিৰ যুটীয়া সঞ্চালক ডাক্তৰ টৈইবুৰ ৰহমানে এই পষেকৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত হাস্পাতালখনৰ অধীক্ষক ডাক্তৰ সুধীৰ ৰঞ্জন দে, ডাক্তৰ চি. এন. ঠাকুৰীয়া, ডাক্তৰ অৰূপ কুমাৰ কলিতা, জিলা কমিউনিটী মবিলাইজাৰ সঞ্জীৱ কুজুৰ, জিলা মিডিয়া বিশেষজ্ঞ মধুস্মিতা বৈশ্য আদি উপস্থিত থাকে। এই পষেক সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে হাস্পাতাল চৌহদৰ পৰা এক ৰেলী উলিওৱা হয়। উল্লে্খযোগ্য যে ২৭ জুনৰ পৰা ১০ জুলাইলৈ জনসংখ্যা নিয়ন্ত্ৰণ সজাগতা পষেক হিচাপে উদযাপন কৰা হৈছিল।

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *