Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ওপজা গাঁও হাতীয়েখোৱাত ড° নগেন শইকীয়াৰ ৰাজহুৱা সম্বৰ্ধনা

ওপজা গাঁও হাতীয়েখোৱাত ড° নগেন শইকীয়াৰ ৰাজহুৱা সম্বৰ্ধনা

ওপজা গাঁও হাতীয়েখোৱাত ড° নগেন শইকীয়াৰ ৰাজহুৱা সম্বৰ্ধনা : গোলাঘাট ২৫ এপ্ৰিল : অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ,সাহিত্য অকাডেমিৰ ফেল’ সন্মানেৰে বিভূষিত ,মিতভাষৰ স্ৰষ্টা ড° নগেন শইকীয়া দেৱক তেখেতৰ ওপজা গাঁও গোলাঘাটৰ হাতীয়েখোৱাত দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ, বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান ,সংগঠনৰ উদ্যোগত আৰু গোলাঘাট জিলাবাসীৰ সহযোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজহুৱা সম্বৰ্ধনাৰ আয়োজন কৰিছে। অহা ২৭ এপ্ৰিল ,২০১৯ তাৰিখে হাতীয়েখোৱা ৰাজহুৱা ৰংগমঞ্চত আয়োজন কৰা অনুষ্ঠানটিত ড° শইকীয়াৰ কৰ্মৰাজিৰ লগতে সৃষ্টিৰাজি সম্পৰ্কে এখনি অভিনন্দন গ্ৰন্থ আৰু স্মাৰক গ্ৰন্থৰো উন্মোচন কৰা হ’ব। উক্ত দিনা কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত প্ৰশস্তি গীতেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছতে আদৰণি ভাষণ আৰু স্মাৰক গ্ৰন্থ উন্মোচন কৰা হ’ব। উন্মোচকৰূপে উপস্থিত থাকিব অসমৰ বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক ডা: ধ্ৰুৱজ্যোতি বৰা। বিশিষ্ট অতিথি উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। ইয়াৰ লগে লগে অভিনন্দন গ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে। ইয়াৰ পিছতে ড° নগেন শইকীয়া দেৱক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হ’ব। অনুষ্ঠিত হ’বলগীয়া উক্ত সম্বৰ্ধনা কাৰ্যসূচীত সকলো অনুষ্ঠান- প্ৰতিষ্ঠান , দল – সংগঠন আৰু বিভিন্ন ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিব। গতিকে আগ্ৰহী সকলে আগতীয়াকৈ উদ্যোক্তা কমিটীৰ লগত যোগাযোগ কৰিব পাৰিব। অসম তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সন্মান অৰ্জন কৰি সমগ্ৰ হাতীয়েখোৱা অঞ্চলটোক গৌৰাম্বিত কৰা এইগৰাকী স্বনামধন্য সাহিত্যিক ,শিক্ষাবিদ,বুদ্ধিজীৱিক নৱপ্ৰজন্মক পৰিচয় কৰাই দি , উৎসাহিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই মহৎ প্ৰচেষ্টাক সাফল্যমণ্ডিত কৰিবলৈ উদ্যোক্তা কমিটীৰ হৈ ধ্ৰুৱজ্যোতি শইকীয়াই গোলাঘাট জিলাৰ সকলো ৰাইজ আৰু অনুষ্ঠান – প্ৰতিষ্ঠানৰ সহযোগ একান্তই কামনা কৰিছে।

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *