Monday , August 26 2019
শেহতীয়া খবৰ
Home / Videos / কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ । বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস,ফাষ্ট নিউজ ৰিপ’ৰ্ট০৭এপ্ৰিলঃ বাইহাটা চাৰিআলিত দিলীপ শইকীয়াৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ । নিশালৈকে কমলপুৰ সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে প্ৰাৰ্থী গৰাকীয়ে । কমলপুৰ সমষ্টিৰ অন্তৰ্গত আঠগাঁৱত নিশা অনুষ্ঠিত সভাত বিহু গীতেৰে আদৰণি ভাষণ আগবঢ়াই বিধায়ক সত্যব্ৰত কলিতাই । ভাষনত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক তুলাধুনা দিয়ে বিধায়ক কলিতাই । ৰাজনীতিৰ পৰা সন্যাস লোৱাৰো জনাই আহ্বান । আনফালে দিলীপ শইকীয়াক তুলনা কৰিলে অৰ্জুনৰ লগত । অৰ্জুন দিলীপ শইকীয়াই হেনো ধ্বংস কৰিব কৌৰৱক সমাগত লোকসভা নিৰ্বাচনত । ভাষন প্ৰসঙ্গত দিলীপ শইকীয়াই অগপ , বিজেপি আৰু বিপিএফ তুলনা কৰিলে ব্ৰহ্মা ,বিষ্ণু আৰু মহেশ্বৰৰ লগত । তিনি শক্তি লগ হৈ এক ঈশ্বৰ হোৱা বুলিও উল্লেখ কৰে ভাষণ প্ৰসঙ্গত । লগতে কংগ্ৰেছৰ হাতখন দালালৰ লগত থকা বুলিও উল্লেখ কৰে ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *