Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ

কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ

বোকাখাতত উন্নয়নৰ ফোপোলা ছবি ৷

বিধ্বস্ত পথত কঠীয়া ৰুই অভিনৱ প্ৰতিবাদ গাঁওবাসীৰ ৷

কাজিৰঙা, ১৪ মে’ :ৰাজ্যৰ সৰ্বত্ৰে আজিও অপৰিবৰ্তিত বিকশিত অসমৰ অবিকশিত ৰূপ ৷স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিতে থকা তিলমাত্ৰও উন্নয়নৰ পোহৰ নপৰা এখন গাঁৱে উদঙাই দেখুৱাইছে বিকশিত অসমৰ এখন ফোঁপোলা ছবি ৷ বোকাখাত মহকুমাৰ কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা এই গাঁওখনৰ নাম কান্ধুলিমাৰী গাঁও ৷ স্বাধীনতাৰ ৭২ বছৰৰ পাছটো কান্ধুলিমাৰী গাঁৱত নপৰিল উন্নয়নৰ এচিকুটমানো পোহৰ ৷ পূৱ কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ এই গাঁওখন সকলো দিশৰ পৰাই আজিও উপেক্ষিত ৷ বাট-পথৰ দুৰৱস্থাই বছৰ-বছৰ ধৰি গাঁওবাসীক যমৰ যাতনা ভূগাই আহিছে ৷ বিগত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত গাঁওখনৰ বাট-পথ সমূহ সুচল কৰি তুলিবলৈ গাঁওখনৰ ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰা স্বত্বেও কোনো সুফল নাপালে ৷ আনহাতে, পৰিৱৰ্তনৰ শ্লগান দি দিছপুৰৰ মচনদ দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ ওচৰটো হাজাৰটা আবেদন-নিবেদন কৰি কৰি কান্ধুলিমাৰী ৰাইজ সম্প্ৰতি ভাগৰি পৰিল৷অৱশেষত ধৈৰ্যচ্যুতি ঘটিল কান্ধুলিমাৰী গাঁৱৰ ৰাইজৰ ৷ মঙ্গলবাৰে পুৱাই গাঁওখনৰ ৰাইজে ৰজাগাঁও কান্ধুলিমাৰী সংযোগী বিধ্বস্ত পথতে ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে ৷বছৰ বছৰ ধৰি কৰি অহা চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতাৰণাৰ বিৰুদ্ধে সমবেত হৈ ওলাই আহিল কান্ধুলিমাৰী গাঁৱৰ ৰাইজ৷ গাঁৱৰ মহিলা সকলে মূলপথটোৰ ওপৰত থকা এঁকাঠু বোকাত কঠীয়া ৰুই ক্ষোভ উজাৰিলে ৷ আনহাতে, পুৰুষ সকলেও সমানেই বিধ্বস্ত পথটোৰ ওপৰত কোৰ মাৰি কঠীয়া ৰুবৰ বাবে মহিলা সকলক সুবিধা কৰি দিলে ৷ সম্প্ৰতি এই পথটোৰে ১০৮ সেৱাৰ লগতে বিদ্যালয়লৈও ছাত্ৰ-ছাত্ৰী সকল যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ বোকাময় বিধ্বস্ত পথটোৰ বাবেই জৰুৰীকালীন অৱস্থাৰ প্ৰসুতিৰোগীকো জীৱনৰ পণ ৰাখি সাঙীভাৰ কৰি লৈ যাব লাগে চিকিৎসালয়লৈ ৷ বছৰ-বছৰ ধৰি ভুগি অহা এনে যমৰ যাতনাৰ বাবেই মঙ্গলবাৰে পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে কান্ধুলিমাৰী গাঁৱৰ ৰাইজে ৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাক শীঘ্ৰে এই পথচোৱা নিৰ্মাণ কৰি দিবলৈ ৰাইজে দাবী জনাইছে ৷ অন্যথা অনাগত দিনত গাঁওখনৰ ৰাইজে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *