Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা খেতিত এতিয়া পোকৰ আক্ৰমন

কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা খেতিত এতিয়া পোকৰ আক্ৰমন

কপালৰ ঘাম মাটিত পেলাই কৃষকে কৰা খেতিত এতিয়া পোকৰ আক্ৰমন
পোকৰ আক্ৰমনত শ- শ বিঘা খেতি হৈ পৰিছে নষ্ট

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি , ১০ ছেপ্তেম্বৰ :-বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টি হল কৃষি প্ৰধান অঞ্চল ।সৰহ সংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল ।কৃষক সকলে নিজৰ নিজৰ পথাৰত শস্য ৰুপন সম্পূৰ্ণ কৰিলে যদিও শেহতীয়াভাৱে প্ৰচণ্ড খৰাং হোবাৰ বাবে শস্যৰ পথাৰত মেলিলে চিৰাল ফাট ।যাৰ বাবে সজাল ধৰা ধান মৰহি গৈছে ।এই ধান খেতিৰ ওপৰত এতিয়া চলিছে পোকৰ আক্ৰমণ । বিশেষকৈ
বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত পূৱ জিনজিয়াৰ খেতি পথাৰত চলিছে এই পোকৰ আতংক ৷ পথাৰত পানী শুকাই যোৱাৰ পিচত এতিয়া ভুতৰ ওপৰত দানব পৰাদি পৰিছেহি পোক ৷ পানী শুকাই যোৱাৰ বাবেই বৃদ্ধি পাইছে পোকৰ আক্ৰমন ৷ কৃষি বিভাগে যোগান ধৰা ঔষধ চটিয়াইছে যদিও লাভ কৰা নাই সুফল ৷ নষ্ট হৈ পৰা খেতি পথাৰ দেখি মুৰে কপালে হাত দিছে কৃষকে ৷ জলসিঞ্চন বিভাগে পানী যোগান ধৰিব নোৱাৰা এই সকল কৃষকৰ এতিয়া শেষ ভৰসা হৈছে বৰষুন ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *