Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ মেক্স চিমেণ্টে গুৱাহাটীত স্থাপন কৰিলে ছেনিটাইজাৰ কেন্দ্ৰ

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ মেক্স চিমেণ্টে গুৱাহাটীত স্থাপন কৰিলে ছেনিটাইজাৰ কেন্দ্ৰ

 

ষ্টাফৰিপোৰ্টাৰ,২৩ মাৰ্চ – সমগ্ৰ বিশ্বতে ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ অৰ্থাৎ কৰ’না ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ প্ৰয়াসেৰে উত্তৰ-পূৱৰ আগশাৰীৰ চিমেণ্ট প্ৰতিষ্ঠান মেক্স চিমেণ্টে গুৱাহাটীত ছেনিটাইজাৰ কেন্দ্ৰ স্থাপন কৰিছে। এই মাৰাত্মৰ ৰোগবিধৰ সংক্ৰমণ ৰোধ কৰিবলৈ হাত পৰিস্কাৰ কৰি ৰাখিবৰ বাবে প্ৰথমবাৰৰ বাবে কোনো চিমেণ্ট প্ৰতিষ্ঠানে এনে পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে বিশ্বৰ প্ৰায় আটাইকেইখন দেশতে এই ৰোগবিধ বিয়পি পৰাৰ পিছতে সমাজৰ প্ৰতিগৰাকী লোকেই এই বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। সমগ্ৰ বিশ্বৰে বিভিন্ন ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে জনসাধাৰণক বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা আগবঢ়োৱা দিশ অনুসৰি ৰোগবিধৰ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰি আহিছে। য’ত সন্নিৱিষ্ট আছে বাৰম্বাৰ বা সঘনাই হাত ধুৱা দিশটোও।
বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশাৱলী অনুসৰণ কৰাৰ ক্ষেত্ৰত গুৱাহাটীবাসীক সহায় কৰিবৰ বাবেই মেক্স চিমেণ্টে একাধিক প’ৰ্টেবল হেণ্ড ছেনিটাইজাৰ বুথ স্থাপন কৰিছে। সৰ্বসাধাৰণ লোকে যাতে হাতৰ কাষতেই এনেদৰে হাত পৰিস্কাৰ কৰি ৰকাৰ সুবিধা লাভ কৰে আৰু এই মাৰাত্মক ক’ৰোনা ভাইৰাছ সংক্ৰমণত বাধাৰ সৃষ্টি কৰিব পাৰে সেই উদ্দেশ্যেই চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে। আনকি ইতিমধ্যেই স্থাপন কৰা এই বুথৰ কাষেৰে পাৰ হৈ যোৱা প্ৰায় প্ৰতিগৰাকী লোকেই হাত পৰিস্কাৰ কৰি গৈছে। উল্লেখ্য যে এই বুথটোত পানী আৰু চাবোনৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাই আগবঢ়োৱা ৰোগ প্ৰতিৰোধী নিৰ্দেশনাবোৰো স্পষ্টৰূপত উল্লেখ কৰা হৈছে।এই পদক্ষেপ সন্দৰ্ভত মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক বিনীত আগৰৱালে কয়, “এই মহামাৰী সকলোৰে বাবেই ভয়াবহ হৈ পৰিছে, কিন্তু এনে পৰিস্থিতিত আমি ধৈৰ্য্য নেহেৰুৱাই, আমাৰ আবেগ নিয়ন্ত্ৰণ কৰি অইনকো সুৰক্ষিত আৰু ছেনিটাইজড কৰি ৰখা উচিত। আৰু এনে পদক্ষেপৰ মাধ্যমেৰেই মেক্স চিমেণ্টে দেশৰ এনে সংকটকালত দেশবাসীৰ কাষত থিয় হৈছে।”আনফালে মেক্স চিমেণ্টৰ কাৰ্যবাহী সঞ্চালক প্ৰকাশ আগৰৱালে কয়, “গুৱাহাটীত এনেদৰে হাত ধুৱাৰ বাবে বুথ স্থাপন কৰি গুৱাহাটীৰ ৰাইজৰ বাবে কেৱল আমি পানী আৰু চাবোনেই উপলব্ধ কৰোৱা নাই, বৰঞ্চ ক’ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে হাত ধুৱাটো কিমান প্ৰয়োজনীয় সেয়া উপলব্ধি কৰোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভু্মিকা পালন কৰিছো।”ইফালে মেক্স চিমেণ্টৰ বাণিজ্যিক বিক্ৰী বিভাগৰ মহাপ্ৰবন্ধক ৰাজেশ শ্ৰীবাস্তৱে এই পদক্ষেপ সন্দৰ্ভত কয়, “মহামাৰী ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত অসমবাসী ৰাইজৰ কাষত থিয় হৈছো আমি মেক্স চিমেণ্ট কৰ্তৃপক্ষ।”

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *