Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / কমতাপুৰ আৰু জনজাতিকৰ আন্দোলনক অধিক তৰাম্বিত কৰাৰ সংকল্প

কমতাপুৰ আৰু জনজাতিকৰ আন্দোলনক অধিক তৰাম্বিত কৰাৰ সংকল্প

বঙাইগাঁৱত কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

কমতাপুৰ আৰু জনজাতিকৰ আন্দোলনক অধিক তৰাম্বিত কৰাৰ বাবে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

বঙাইগাঁওঃ ২০ আগষ্টঃ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভা আজি সংগঠনটোৰ বঙাইগাঁও চহৰৰ চিলাৰায় বজাৰস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাত অনুষ্ঠিত উক্ত কাৰ্যনিৰ্বাহক সভাত কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত চলি থকা আন্দোলন অধিক তৰাম্বিত কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইদৰে সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰসন্মিলনীয়ে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত জনমত আৰু অধিক সবল কৰাৰ বাবে বিভিন্ন ব্যক্তিৰ লগত মত বিনিময় আৰু প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰি এই কাৰ্যসূচী ২৫ আগষ্টত ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে অহা ১০ চেপ্তেম্বৰত উত্তৰ শালমাৰাত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী সন্দৰ্ভত কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে ২৪ চেপ্তেম্বৰত কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত গুৱাহাটীত ধৰ্ণা কাৰ্য ৰূপায়ণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ৷ বিবৃতিটোত লগতে নেতাদ্বয়ে কয় যে কমতাপুৰ ৰাজ্যৰ দাবী ন্যায় সংগত আৰু বাস্তৱ ৷ এই দাবী সফল হবই ৷ সেয়ে কমতাপুৰৰ ভূমিত বড়োলেণ্ড বা বড়ো কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন হবলৈ দিয়া নহ’ব বুলি পুনৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *