Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

 

ষ্টাফৰিপৰ্টাৰ ২৪ ডিচেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বিৰোধী সংগ্ৰামৰ সহযাত্ৰী হ’ল বৃহত্তৰ কলকাতা অসমীয়া সমাজ। কলকাতাত বসবাস কৰা সহস্ৰাধিক অসমীয়াই কলকাতাস্থিত অসম ভৱনৰ সন্মুখত একত্ৰিত হৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি বিনষ্ট কৰিব পৰা তথা খিলঞ্জীয়া অসমীয়া সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অধিকাৰ খৰ্ব কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে মুখত কলা কাপোৰ পৰিধান কৰি, “কা” আমি নামানো, “কা” আমাক নালাগে, এই আইন বাতিল কৰক আদি শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত সূদীৰ্ঘ ৬ বছৰ আন্দোলনৰ পাছত অসমীয়া ৰাইজে লাভ কৰা ‘অসম চুক্তি’ক নস্যাৎ কৰা এই আইনৰ আওতাৰ পৰা বিনাচৰ্তে অসমক আতৰাই ৰাখিবলৈ আহ্বান জনাই কলকাতাত থকা অসম চৰকাৰ বাণিজ্যিক উপদেষ্টাৰ জৰিয়তে অসম চুক্তিৰ ৫ নং দফাক সন্মান জনাই তাৎক্ষনিকভাৱে আৰু বিনাচৰ্তে অসমক এই আইনৰ আওতাৰ পৰা আতৰাই ৰখা,
অসমীয়া খিলঞ্জীয়াৰ বাবে সকলো ধৰণৰ চাকৰি, স্থানীয় সংস্থা, বিধান পৰিষদ আদিত অসম চুক্তিৰ ৬ নং দফা অনুসৰি এশ শতাংশ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষন কৰা, অখিলঞ্জীয়াৰ পৰা সুৰক্ষা দি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিদিষ্ট কৰিবলৈ ভূমি নীতি নিৰ্ধাৰণ কৰা, আহোম, চুতীয়া, মৰাণ, মটক, কোঁচ-ৰাজবংসী আৰু চাহ জনগোষ্ঠী এই জনগোষ্ঠী ৩৬৬ (২৫) ধাৰাৰ অধীনত জনজাতিকৰণ কৰা, সংবিধানৰ ৩৭১ অনুচ্ছেদৰ সংশোধন ঘটাই অসমক বিশেষ ৰাজ্যৰ মৰ্যদা আৰু অসমৰ জনজাতি অঞ্চল সমূহক ষষ্ঠ অনুসূচীৰ অধীনত অনা,অসমীয়া ভাষাক বিশেষ সুৰক্ষা প্ৰদান কৰি অসমৰ একমাত্ৰ ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰা, যিকোনো শিক্ষণ পৰিষদৰ অধীনৰ চৰকাৰী বেচৰকাৰী সকলো স্কুলতে অসমীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰা৷, ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ সমাজৰ সৈতে সঠিক ভাৱে পৰিচয় কৰাই দিবলৈ মোগলে পৰাজিত কৰিব নোৱাৰা একমাত্ৰ ৰাজ্য অসমৰ ঐতিহাসিক অসমীয়া বুৰঞ্জী আৰু সুবিশাল অসমৰ ঐতিহ্যক চি বি এছ পাঠ্যক্তমত অন্তৰ্ভুক্ত কৰা,
৮৫ শতাংশ বিধানসভা আৰু লোকসভাৰ আসন খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে সংৰক্ষন কৰা, উপযুক্ত সংশোধন ঘটাই ওপৰত উল্লেখ কৰা কাৰ্য সমূহ ভবিষ্যতে ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰাকৈ সংবিধানৰ নিদিষ্ট অনুসূচীত স্থান দিয়া
আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ সৈতে পৰ্যালোচনা কৰি অতি শীঘ্ৰে বলৱৎ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰেৰণ কৰে৷
এই প্ৰতীবাদী কাৰ্যসূচীতে স্পষ্ট কৰি দিয়া হয় যে কলকাতা অসমীয়া সমাজে ধাৰ্মিক উৎপীড়নৰ বলি হোৱা শৰনাৰ্থীসকলৰ প্ৰতি দেখুওৱা মানৱীয় প্ৰমূল্যবোধক কেতিয়াও প্ৰতক্ষ্যভাৱে বিৰোধ নকৰে কিন্তু আন্তৰাষ্ট্ৰীয় মানৱীয় প্ৰমূল্যবোধতকৈ সুক্ষ্মভাৱে অসম আৰু উত্তৰ পূবৰ ভূমিপুত্ৰ সকলক এই মানবীয় প্ৰমূল্যবোধৰ আধাৰত সৰ্বপ্ৰথমে বিচাৰ কৰাটোক প্ৰাধান্য দিয়ে৷4

About Staff Reporter

চাব পাৰে

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *