Sunday , February 23 2020
Home / আঞ্চলিক / কলিকতাস্থিত ” মহাজাতী সদন” প্ৰেক্ষাগৃহত সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন:

কলিকতাস্থিত ” মহাজাতী সদন” প্ৰেক্ষাগৃহত সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন:

সাহিত্যিক ৰূপে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীক পশ্চিম বঙ্গৰ বিশাল জনসভাত সম্বৰ্দ্ধনা:
কলিকতাস্থিত ” মহাজাতী সদন” প্ৰেক্ষাগৃহত সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন:

পঙ্কজ নাথ, চাংসাৰি, ৩০ ছেপ্তেম্বৰ :

নিৰৱধি ভাৱে সাহিত্য চৰ্চা অব্যাহত ৰাখি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পুৰস্কাৰ বুতলিবলৈ সক্ষম হোৱা শোনিতপুৰ জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ী ক্ষেমধৰ কলিতাক যোৱা ২৪ ছেপ্টেম্বৰত কলিকতাৰ ইন্দৰ ষ্টেডিয়ামত সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ এখন বিশাল জন সভাত ৰাজহুৱা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ দেশৰ মুঠ ২৪ খন ৰাজ্যৰ প্ৰতিনিধিৰ লগতে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ মুঠ পাঁচশ গৰাকী প্ৰতিনিধি উপস্থিত থকা উক্ত সভাত কলিতাই সাহিত্যিক ৰূপে ৰাজহুৱা সম্বৰ্দ্ধনা গ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৷ জানিব পৰা মতে যোৱা ২৩ চেপ্টেম্বৰত কলিকতাস্থিত “মহাজাতী সদন”প্ৰেক্ষাগৃহত সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ লগতে ২৪ চেপ্টেম্বৰত দিনযোৰা কাৰ্য্যসূচীৰে কলিকতাৰ ইন্দৰ ষ্টেডিয়ামত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ ফেডাৰেশ্বনৰ সভাপতি পুষ্পৰাজ দেশমুখ (কাকা)ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত সমগ্ৰ দেশৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলে দীৰ্ঘ দিনে চৰকাৰ আৰু প্ৰশাসনৰ পৰা পায় অহা বঞ্চনা আৰু ইয়াৰ পৰিত্ৰাণৰ উপায় সন্দৰ্ভত আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সমগ্ৰ দেশৰ ৩৬ খন ৰাজ্যিক সমিতিৰ ভিতৰত ২৮ খন ৰাজ্যিক সমিতিৰ পৰা উপস্থিত হোৱা প্ৰতিনিধি বৰ্গই সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ডি বি টি ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ আনহাতে চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাক ব্যক্তিগত খণ্ডক দিবলৈ ওলোৱা কাৰ্য্যক গৰিহণা দি তীব্ৰ বিৰুধীতা কৰে ৷ চণ্ডীগড়ৰ পৰা অতি সোনকালে ডি বি টি প্ৰত্যহাৰ কৰি পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰা , ৰাজহুৱা বিতৰণ ব্যৱস্থাক অধিক শক্তিশালী কৰি সুলভ মূল্যৰ দোকানীৰ জৰিয়তে দৈনন্দিন ব্যৱহাৰযোগ্য অত্যাৱশ্যকীয় সামগ্ৰী চাউল,চেনী,আটা,গম, নিমখ, মিঠাতেল ইত্যাদি দিয়াৰ ব্যৱস্থা কৰা, চৰকাৰে ঘোষনা কৰা “ওৱান নেশ্বন ওৱান কাৰ্ড“ পুনৰ বিবেচনা কৰি “ওৱান ৰেছন কাৰ্ড এণ্ড পি ডি এচ ফ‘ৰ অল” নীতি গ্ৰহণ কৰা, অনাদায় হৈ থকা কমিচন আদায় দিয়াৰ লগতে প্ৰতিজন সুলভ মূল্যৰ দোকানীক মাহিলী ত্ৰিশ হাজাৰকৈ টকা মাননী হিচাপে দিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ এই সমস্যাবোৰৰ সমাধান যদি চৰকাৰে নকৰে তেনেহ‘লে শাৰদীয় দুৰ্গা পূজাৰ পাছত অহা ডিচেম্বৰ মাহৰ পৰা সদৌ ভাৰত সুলভ মূল্যৰ ব্যৱসায়ী ফেডাৰেশ্বনে ৰাষ্ট্ৰীয় প্ৰৰ্য্যায়ত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷ পৰৱৰ্তী ২৪ চেপ্টেম্বৰত কলিকতাৰ ইন্দৰ ষ্টেডিয়ামত ফেডাৰেশ্বনৰ উদ্যোগত আৰু সদৌ পশ্চিম বঙ্গ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ ব্যৱস্থাপনাত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিতহৈ যায় ৷ উক্ত সভাতে অসমৰ সুলভ মূল্যৰ দোকানী, বিশিষ্ঠ সাহিত্যিক ক্ষেমধৰ কলিতাক ফেডাৰেশ্বনৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় মহা সচিব বিশ্বম্ভৰ বসুৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে বুলি জানিব পৰা গৈছে।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *