Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ জৰুৰী নিৰ্দেশনা

কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ জৰুৰী নিৰ্দেশনা

 

ষ্টাফৰিপৰ্টাৰ, ২৪ মাৰ্চ :: কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বুধবাৰে চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ প্ৰতিজন নিষ্ঠাবান সৈনিকে ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাত নিজৰ নিজৰ ঘৰৰ পদূলিৰ আগত এগছিকৈ বন্তি প্ৰজ্জ্বলন কৰাৰ বাবে আহ্বান জনাইছ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই। এক বিবৃতি যোগে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি, গোট সমিতিয়ে কয় “মহামাৰী কৰ’না ভাইৰাছে বিশ্বৰ লগতে ভাৰতৰ যি ক্ষতি কৰিলে তাৰ বাবে সকলোৱে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। এইবাৰ আমি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব নোৱাৰিলোঁ আৰু দেশৰ পৰিস্থিতি প্ৰতি লক্ষ্য কৰি পৰৱৰ্তী দিন এটাত আমি প্ৰতিষ্ঠা দিৱসত ল’ব লগা কাৰ্যসূচী সমূহ পালন কৰিম। প্ৰতিজন সৈনিকে যাতে চৰকাৰে দিয়া নিয়ম সমূহ মানি চলে আৰু আনকো মানি চলিবলৈ দিয়ে। আমি সকলোৱে ঐক্যবদ্ধহৈ আৰু একত্ৰিত হৈ এই কৰ’নাৰ বিৰুদ্ধে যুঁজা যুঁজখনত যাতে সফল হওঁ।”

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *